শিলাদিত্যৰ মিথ্যাচাৰ; খচৰাত নাম নাই “ঘোষিত বিদেশী” আব্দুল হান্নানৰ, জনালে এন আৰ চি কৰ্তৃপক্ষই

সংবাদমেল দি এন আৰ চিৰ খচৰাত "ঘোষিত বিদেশী" আব্দুল হান্নানৰ নাম আছে বুলি দাবী কৰিছিল শিলাদিত্যই

Prateek-Hajela-570x320

প্ৰতীক হাজেলাৰ ফাইল ফটো

হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবে সংবাদমেল পাতি এন আৰ চিৰ কাম-কাজৰ সন্দেহ প্ৰকাশ কৰোঁতে যিজন ঘোষিত বিদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বুলি দাবী কৰিছিল, সেই দাবী অসত্য।

এটা স্পষ্টীকৰণযোগে এন আৰ চি কৰ্তৃপক্ষই এই কথা ৰাজহুৱা কৰিছে।

“অভিযোগটো সম্পূৰ্ণ মিছা”, এন আৰ চি কৰ্তৃপক্ষৰ ফেইচবুক পেইজত দিয়া স্পষ্টীকৰণটোত কোৱা হয়।

বিজেপি বিধায়কজনে ৩০ জুলাইত এখন সংবাদমেল দি দাবী কৰিছিল যে উন্নীতকৃত নাগৰিকপঞ্জীৰ খচৰাত ডিটেনশ্যন কেম্পত থকা লোকৰো নাম অন্তৰ্ভুক্ত হৈছে।

লগতে পঢ়ক ডিটেনচন কেম্পৰ “বিদেশী”ৰো নাম আছে এন আৰ চিত: শিলাদিত্য দেবৰ তথ্য

নিজৰ বক্তব্যৰ সপক্ষে প্ৰমাণ দাঙি ধৰি ২০১৭ চনত ন্যায়াধিকৰণে “ঘোষিত বিদেশী” বুলি চিহ্নিত কৰা মহম্মদ আব্দুল হান্নানৰ নাম এন আৰ চিত সোমাইছে বুলি তথ্য দিছিল বিধায়কজনে। মহম্মদ আব্দুল হান্নান বৰ্তমানেও ডিটেনচন কেম্পত আছে।

এনেকুৱা শ শ নাম আৰু জিলা ভিত্তিক তথ্য দিব পাৰিব বুলিও সংবাদমেলখনত দাবী কৰিছিল বিধায়কজনে।

কিন্তু এন আৰ চি কৰ্তৃপক্ষই স্পষ্টীকৰণটোত জনাইছে, ঘোষিত বিদেশী বাবে হান্নানৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱা নাই।

সম্পূৰ্ণ স্পষ্টীকৰণটো তলত দিয়া হ’ল-

It is learnt that Shri Siladitya Dev, MLA, Hojai has held a press meet wherein its alleged that one Declared Foreigner, namely, Abdul Hannan son of late Nimar Ali who is a detenue in a Detention Camp located in Tezpur has been included in Draft NRC. In this regard clarification is hereby issued that this person has not been included in Draft NRC on account of being a Declared Foreigner. The allegation is completely false.

উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ বিজেপিৰ কেইবাজনো নেতাই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। শিলাদিত্য দেবে এন আৰ চিৰ কাম প্ৰতীক হাজেলাৰ পৰা আঁতৰাই নিব লাগে বুলিও দাবী তুলিছে।