অনুপ চেতিয়াৰ দাবী : এন আৰ চিৰ দাবী-আপত্তিৰ সময়সীমা বৃদ্ধি কৰক

Anup Chetia Claims & Objection

এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰা ৪০ লাখৰো অধিক লোকক তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে যি দাবী-আপত্তি প্ৰক্ৰিয়া, তাৰ সময়সীমা বৃদ্ধিৰ বাবে আজি সংবাদমেল যোগে আহ্বান জনালে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

আলোচনাপন্থী আলফা নেতাসকলৰ দ্বাৰা গঠিত ‘সম্প্ৰীতি, অসম’ নামৰ বেচৰকাৰী সংস্থাটো আৰু বংগভাষী অসমীয়া সমাজৰ দ্বাৰা যুটীয়াভাৱে দিয়া এখন সংবাদমেলত আলফাৰ সাধাৰণ মম্পাদকজনে এই আহ্বান জনায় কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপিৰ চৰকাৰ দুখনক।

সংবাদমেলত চেতিয়াই এন আৰ চিত যাতে কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়, তাৰ বাবে চৰকাৰক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ দাবী জনায়। অলপতে এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই লিগেচি ডাটা কিনা-বেচা হোৱা বুলি কৰা অভিযোগৰ প্ৰসংগত চেতিয়াই এই কথা কয়। এই সন্দৰ্ভত তদন্ত চলাই দোষী সকলো পক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো দাবী জনায় চেতিয়াই।

সম্প্ৰীতি, অসমৰ আহ্বায়ক, প্ৰদীপ সেন শৰ্মাই কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে দাবী-আপত্তি প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পৰিছিল। আনপিনে ধান চপোৱাৰ সময়েও এই প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে বুলি কয়। “ধান চপোৱা কামৰ বাবে বহু মানুহে দাবী-আপত্তি প্ৰক্ৰিয়াৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে।” শৰ্মাই কয়। আনহাতে এই সম্পৰ্কীয় যাৱতীয় নিৰ্দেশনাবোৰো এন আৰ চি সেৱাকেন্দ্ৰ পোৱাত পলম হৈছিল, আৰু সেইটোৱেও প্ৰক্ৰিয়াটোক পলকৈ আৰম্ভণি দিছিল বুলি তেওঁ কয়।

উল্লেখযোগ্য যে এন আৰ চি কৰ্তৃপক্ষই দাবী-আপত্তি দাখিল কৰা সময়সীমা অহা ১৫ ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল। কিন্তু তাৰ পিছতো বাদ পৰা লোকৰ সংখ্যাৰ অনুপাতে নাম অন্তৰ্ভুক্তিৰ দাবীৰ বাবে অহা আৱেদনৰ সংখ্যা তেনেই কম বুলি জানিব পৰা গৈছে। ফলত মূল এন আৰ চিৰ পৰা লাখ লাখ লোকৰ নাম বাদ পৰাৰ সম্ভাৱনাই দেখা দিছে। এইসকলৰ ভিতৰত বহুতো খিলঞ্জীয়া লোকৰ নামো আছে বুলি জনৰৱ উঠিছে।

আনহাতে সম্প্ৰীতি, অসম আৰু বংগভাষী অসমীয়া সমাজৰ লগতে আমছু আদিকে ধৰি আন কেইবাটাও সংগঠনেও দাবী-আপত্তি দাখিলৰ সময়সীমা বৃদ্ধিৰ অনুৰোধ জনাই আহিছে।

আজি সংবাদমেলত সংগঠনকেইটাই অসমৰ ৰাইজক তেওঁলোকৰ দাবী-আপত্তি দাখিল কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায়। তেওঁলোকে দৰকাৰ হ’লে সহায়ৰ হাত আগ বঢ়াব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে।