আৰোগ্য নিধিলৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্থাই প্ৰদান কৰিলে ২.৪৩ লাখ টকা

ক’ৰ’না ভাইৰাছৰ বিৰূদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ বৰঙনি আগবঢ়াবলৈ ৰাজ্যৰ জনসাধাৰণলৈ জনোৱা আহ্বানৰ প্ৰতি সহাৰি দি ১৮ এপ্ৰিল শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সংস্থা চমুকৈ এন আৰ চি ই এয়ে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ২ লাখ ৪৩ হাজাৰ ৩ শ টকাৰ এখন ড্ৰাফট অৰ্পণ কৰে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্থাৰ সভানেত্ৰী সুস্মিতা দাস আৰু সম্পাদক বৰ্ণম কুমাৰ ডেকাই এক বিজ্ঞত্তিত উল্লেখ কৰে যে, সমগ্ৰ বিশ্ব জুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে যি ব্যতিক্ৰমী তৎপৰতা, দক্ষতা, মানবীয়তা আৰু সেৱাৰ মনোভাৱ দাঙি ধৰিছে সেই মনোভাৱে ক’ৰ’না চিকিৎসাৰ লগত জড়িত লোক সকলক উদ্গনি দিয়াৰ লগতে সৰ্বসাধাৰণৰ মনতো উৎসাহ বৃদ্ধি কৰিছে।

‘‘ৰাজ্যৰ এই কঠিন সময়ত দেশ আৰু স্বজাতিৰ প্ৰতি থকা আমাৰ কৰ্তব্যৰ কথা মনত ৰাখি অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰকল্পত বৰ্তমানে নিয়োজিত হৈ থকা ঠিকাভিত্তিক কৰ্মচাৰী সকলে এটি অৰিহণা অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াব খুজিছো। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকল্পত কৰ্মৰত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ৰ কিছুসংখ্যক কৰ্মচাৰী, জিলা ভিত্তিক জিলা প্ৰকল্প পৰ্যৱেক্ষক সকল, চক্ৰ পৰ্যৱেক্ষক সকল আৰু কনিষ্ঠ সহকাৰী সমন্বিতে গঠিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্মচাৰী সন্হাৰ মুঠ ৩৮১ জন কৰ্মচাৰীয়ে উক্ত ধনৰাশি অসম আৰোগ্য নিধিলৈ ড্ৰাফট নং ৮৮৮৭৬৮ তাৰিখ ১৭/০৪/২০২০ যোগে স্বাস্হ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে,’’বিজ্ঞপ্তিটোত এইদৰে উল্লেখ কৰা হয়।

আনহাতে, পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কৰ্মচাৰী সকলেও এনে কঠিন সময়ত সাধ্যানুসৰি চৰকাৰৰ সকলো কাম-কাজত সহযোগ কৰিবলৈ সদা প্ৰস্তুত থকাৰ কথাও উল্লেখ কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ৰাজ্যৰ বিভিন্ন সংস্থা, লোকে বৰঙণি আগবঢ়াইছে।