NRC বিষয়ত তৰুণ গগৈৰ বিপৰীত মত সাংসদ আব্দুল খালেকৰ; “পেলনীয়া কাগজ নহয়, বিজ্ঞানসন্মত দলিল”

ভাৰত-বাংলাদেশ সীমাত বিদ্যুৎ প্ৰৱাহিত তাঁৰৰ বেৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান খালেকৰ

Abdul Kahlek

প্ৰেছক্লাবত সংবাদমেলত আব্দুল খালেক। ৬ ছেপ্টেম্বৰত।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সৈতে “বিৰোধ” সৃষ্টি কৰি অসমৰ উন্নীতকৃত এন আৰ চিক ঐতিহাসিক, বিজ্ঞানসন্মত আৰু আইনসন্মত দলিল আখ্যা একেটা দলৰ সাংসদ আব্দুল খালেকৰ।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ নাম নোলোৱাকৈয়ে আব্দুল খালেকে কয়, এন আৰ চিক পেলনীয়া কাগজ ক’ব খোজাসকলৰ তেওঁ বিৰোধী।

গগৈয়ে এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত এন আৰ চিক কেইবাবাৰো “পেলনীয়া কাগজ” আখ্যা দিছিল।

বৰপেটা সমষ্টিৰ কংগ্ৰেছ সাংসদ খালেকে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল দি এন আৰ চি বিষয়টোত নিজৰ দৃষ্টিকোণ দাঙি ধৰিছিল।

এন আৰ চিৰ চূড়ান্ত তালিকাৰ প্ৰতি ব্যক্তিগতভাৱে “পূৰ্ণ সমৰ্থন” আগ বঢ়োৱাৰ কথা ঘোষণা কৰি তেওঁ কয়, “এন আৰ চি হৈছে ঐতিহাসিক, বিজ্ঞানসন্মত আৰু আইনগত দলিল। উচ্চতম ন্যায়ালয়ৰ পৰ্য্যবেক্ষণত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে এই দলিল প্ৰস্তুত কৰিছে।”

“ব্যক্তিগতভাৱে এই ঐতিহাসিক দলিলৰ সমৰ্থনত আছো”, একাংশ খিলঞ্জীয়া নাগৰিকৰ নাম বাদ পৰা বুলি স্বীকাৰ কৰি সাংসদজনে কয়।

“নাম বাদ পৰা মানে নুবুজায় যে এইখন পেলনীয়া কাগজ। ৩ কোটি ১১ লাখ নামুহৰ নাম এটা প্ৰক্ৰিয়াৰ মাজেৰে অন্তৰ্ভুক্ত হৈছে”, খালেকৰ মন্তব্য।

“ইয়াক পেলনীয়া কাগজ, ৱেইষ্ট পেপাৰ, চানাচুৰ বন্ধা কাগজ কোৱাৰ কোনো অৰ্থ নাই। যিসকলে এইখনক পেলনীয়া কাগজ বুলি ক’ব সেইসকলৰ মই বিৰোধী।” সাংবাদিকে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ মন্তব্য সোঁৱৰাই দিয়াত খালেকে এইদৰে কয়।

কাৰোবাৰ কিবা আপত্তি থাকিলে উচ্চতম ন্যায়ালয়লৈ যাবলৈ আহ্বান জনাই সাংসদজনে কয়, এই দলিলৰ যিসকলে বিৰোধিতা কৰিছে তেওঁ যি ৰাজনৈতিক দলৰে নহওক, প্ৰকৃতাৰ্থত উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে।

এন আৰ চি চূড়ান্ত তালিকা প্ৰকাশৰ পাছত ১৯৫১ চন বিচাৰি প্ৰতিবাদ কৰি থকা দল-সংগঠনৰ বিৰুদ্ধেও সৰৱ হৈ পৰে সাংসদগৰাকী। তেওঁৰ মতে তেনে আপত্তি থাকিলে এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই আনিব লাগিছিল।

ইপিনে, বিদেশী ৰাষ্ট্ৰসমূহে এন আৰ চিক লৈ কৰা মন্তব্যৰ কোনো অৰ্থ নাই বুলি মন্তব্য কৰি খালেকে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰতিও সকীয়নি দিয়ে।

“এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়। পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ, ভাৰতৰ মুছলমানৰ অৱস্থা পাকিস্তানৰ মুছলমানৰ তুলনাত উন্নত। গতিকে পাকিস্তানক এই বিষয়টোত মূৰ নঘমাবলৈ সকীয়নি দিছো”, সাংসদজনে কয়।

সদৌ অসম ছাত্ৰ সন্থাৰ “বিদেশী-ভীতি”ক টানি আনি সাংসদ খালেকে কয়, “ইমানদিনে যিবোৰ বিদেশীৰ কথা কোৱা হৈছিল সেইবোৰ অনুমানৰ ভিত্তিতহে কোৱা হৈছিল। এইবোৰ মত-মন্তব্য বৈজ্ঞানিক দৃষ্টিভংগীৰে কৰা নাছিল। সদৌ অসম ছাত্ৰ সন্থা নিজৰ স্থিতিত অটল থাকিব লাগে। সদৌ অসম ছাত্ৰ সন্থাক বহুতে পৰোচিত কৰিব বিচাৰিছে।”

সাংসদজনে বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমাধান হিচাপে দুয়োখন দেশৰ সীমান্তত বিদ্যুৎ প্ৰৱাহিত তাঁৰৰ বেৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।