সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপত্তিকাৰীক ভাবুকি; মুখ্য মন্ত্ৰীলৈ আছুৰ জৰুৰী চিঠি

ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

এন আৰ চিৰ দাবী-আপত্তি চলি থকাৰ সময়ত সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আপত্তি দাখিল কৰা আপত্তিকাৰীক ৰাজ্যৰ একাংশ ঠাইত ভয় ভাবুকি প্ৰদৰ্শন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাই এই বিষয়ত প্ৰয়োজনীয় পদক্ষেপৰ দাবী জনাই মুখ্য মন্ত্ৰীলৈ জৰুৰী চিঠি প্ৰেৰণ কৰিছে।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা উক্ত চিঠিত কোৱা হয়-

অসমত ৰাষ্ট্ৰীয় নাগৰীকপঞ্জী পঞ্জীক উন্নীতকৰণৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ৰাইজক সহযোগ কৰি আহিছে। অসমৰ একাংশ খিলঞ্জীয়া মানুহ আৰু ১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান ভাৰতৰ নাগৰিকে প্ৰ-পত্ৰ পূৰণৰ সময়ত আৰু আনকি দাবী উত্থাপনৰ সময়তো ছাত্ৰ সন্থাৰ সহায় লৈছিল।

ছাত্ৰ সন্থা আৰি আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ সদস্যই গোটেই ৰাজ্যখনত দাবীৰ প্ৰ-পত্ৰ পূৰণত ৰাইজক সহায়ৰ হাত আগবঢ়াইছিল। সেইদৰে আপত্তি উত্থাপন কৰাৰ সময়তো ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে সহায় কৰিছিল। এটা জাতীয় দাবী বুলি গণ্য কৰা হৈছিল।

দাবী আৰু আপত্তি দুয়োটাই আইনসন্মত কথা। শেহতীয়াকৈ অসমৰ ঠায়ে ঠায়ে আপত্তিকাৰীক আৰু আপত্তিকাৰীৰ পৰিয়ালক ডাবি-ধমকি আৰু প্ৰাণে মৰাৰ ভাবুকি দিছে। কিছু ঠাইত ছাত্ৰ সন্থাৰ সদস্য আৰু পৰিয়ালকো এনে ভাবুকি দিয়া হৈছে। এই বিষয়ত অসম চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক।