গোটেই দেশতে এন আৰ চি উন্নীতকৰণৰ পোষকতা মুখ্য মন্ত্ৰী সোণোৱালৰ (ভিডিঅ’ আছে)

নতুন দিল্লীত কনষ্টিটিউশ্যন হলত এন আৰ চি সম্পৰ্কীয় সভাত অংশগ্ৰহণ

CM

নতুন দিল্লীত এটা স্বেচ্ছাসেৱী সংস্থাই পতা এন আৰ চি সম্পৰ্কীয় এখন সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আজি নতুন দিল্লীত কনষ্টিটিউশ্যন হলত ৰামভাও মালগি প্ৰবোধিনী নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই পতা এন আৰ চি সম্পৰ্কীয় এখন সভাত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোটেই দেশতে এন আৰ চি উন্নীতকৰণৰ পোষকতা কৰে।  তেওঁ বিদেশীৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো আনবোৰ ৰাজ্যৰ বাবে এটা দৃষ্টান্ত হ’ব পাৰে বুলি কয়।

সভাখনত অংশগ্ৰহণ কৰি নিজৰ লিখিত ভাষণ পাঠ কৰে মুখ্য মন্ত্ৰীজনে। এই ভাষণতে তেওঁ কয় যে গোটেই দেশতে যদি এন আৰ চি উন্নীতকৰণ নহয়, তেন্তে অসমত কৰা উন্নীতকৰণৰ উদ্দেশ্য সফল নহ’ব।

যদিহে দেশৰ আনবোৰ ঠাইত এন আৰ চি উন্নত কৰা নহয়, তেন্তে অসমৰ পৰা এন আৰ চিত বাদপৰা বিদেশী গৈ সেইবোৰ ঠাইত আশ্ৰয় ল’বগৈ। এইদৰে কয় মুখ্য মন্ত্ৰীয়ে।

মুখ্য মন্ত্ৰীয়ে তথ্য দাঙি ধৰি কয় যে ১৯০১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ হাৰ অস্বাভাৱিক আৰু দেশৰ হাৰতকৈ বহুত বেছি। সেই সময়ত দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় ১৫০ শতাংশ হোৱাৰ বিপৰীতে অসমত আছিল ৩৪৩.৭৭ শতাংশ। ব্যাপক অনুপ্ৰৱেশেই ইয়াৰ অন্যতম কাৰণ বুলি মুখ্য মন্ত্ৰীজনে কয়।

আনহাতে সোণোৱালে কয় যে ভাৰত-বাংলাদেশৰ সীমা যিদিনা সম্পূৰ্ণ ছীলড হ’ব সেইদিনাই অনুপ্ৰৱেশৰ সমস্যাটোৰ সমাধান হ’ব।

তেওঁ অনুপ্ৰৱেশে ৰাজ্যখনৰ থলুৱা সম্প্ৰদায়বোৰৰ পৰিচয় সংকট নমাই অনাৰ লগতে সামাজিক সম্প্ৰীতিত নেতিবাচক প্ৰভাৱ পেলোৱা বুলি দাবী কৰে।