NORTHEAST NOW (Assamese)

শিৱসাগৰৰ কবি-সাহিত্যিক শিক্ষক ব্ৰজেন দাসলৈ নৃগোষ্ঠীয় সাহিত্য সন্মান

September 16, 2018 11:06 pm · ৰাজীৱ দত্ত

ৰাজ্যৰ সাহিত্য সংস্কৃতিত ক্ষেত্ৰখনলৈ উল্লেখনীয় অৱদান আগবঢ়াই অহাৰ বাবে শিৱসাগৰৰ লেখক-শিক্ষক ব্ৰজেন দাসলৈ নৃগোষ্ঠীয় অধ্যয়ন আৰু গবেষণা কেন্দ্ৰ নামৰ অনুষ্ঠানটোৱে চলিত বৰ্ষৰ নৃগোষ্ঠীয় সাহিত্যসেৱীৰ বঁটা আগবঢ়াইছে। অহা ২০  ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বৰ্ষপুতি অনুষ্ঠানটোত তেওঁক এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে শিক্ষকতাৰ মাজতে ব্ৰজেন দাসে কেইবাখনো কাব্যগ্ৰন্থ, শিশু গ্ৰন্থ, উপন্যাস, প্ৰবন্ধ সংকলন আদি ৰচনা কৰিছে। ইয়াৰ উপৰি তেওঁৰ মুখ্য সম্পাদনাত শিৱসাগৰৰ পৰা সজাঁল নামৰ এখন কাব্যলোচনীও প্ৰকাশ পাই আছে।

শিৱসাগৰৰ ৰূপহীমুখ পথলিয়াল গাৱঁৰ নিবাসী ব্ৰজেন দাস বিহু সুৰক্ষা সমিটি অসমৰ জিলা সম্পাদকৰো দায়িত্বত আছে।

গুৱাহাটীৰ দিচপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদান অনুষ্ঠানটোত গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ অমৰজ্যোতি চৌধুৰি, সংগীত শিল্পী তথা চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, দিছপুৰ মহাবিদ্যালয়ৰ অধক্ষ্য ড০ অমৰ শইকীয়াকে ধৰি কেইবা গৰাকী ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

লেখক ব্ৰজেন দাসক অলপতে শিৱসাগৰত অনুষ্ঠিত হৈ যোৱা এক অনুষ্ঠানত শিৱসাগৰ ৰটাৰী ক্লাবে ৰাষ্ট্ৰীয় নিৰ্মাণ বঁটা প্ৰদান কৰিছিল।

Related News