জাগুনত অস্ত্ৰসহ এন এছ চি এন (আৰ) কেডাৰ আটক

ফটো নৰ্থ-ইষ্ট নাও

তিনিচুকীয়া জিলাৰ জাগুনত অস্ত্ৰসহ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আৰ)ৰ এজন দুৰ্ধৰ্ষ কেডাৰক আটক কৰা বাতৰি পোৱা গৈছে৷

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা ভাৰতীয় সেনাৰ ৯ নং ৰাজপুটনা ৰাইফলচ আৰু জাগুন আৰক্ষীয়ে যুটীয়া অভিযান চলাই জাগুন ৯ মাইলৰ পৰা উগ্ৰপন্থীজনক আটক কৰে।

ধৃত কেডাৰজনক অৰুণাচল প্ৰদেশৰ নামপুঙৰ নাপিং থেৰামকেন বস্তিৰ ডেমিয়েল সাস্কে বুলি জানিব পৰা গৈছে।

তেওঁৰ পৰা এটা আমেৰিকাত নিৰ্মিত ৭.৬২ এম এম পিষ্টল আৰু ৬ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

লেখাপানী আৰক্ষীয়ে আজি কেডাৰজনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৭ ইউ এছ ১২০ বি /(এ) ১০৮ ধাৰত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে।