NORTHEAST NOW (Assamese)

সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত এন এছ চি এন(য়ু)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক

February 7, 2020 6:50 am · এন ই নাও নিউজ
এন এছ চি এন (য়ু) কেডাৰ গৰাকী

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত ভাৰতীয় সেনা বাহিনীৰ দাও ডিভিজনে চলোৱা এক অভিযানত বুধবাৰে এন এছ চি এন (য়ু)ৰ এগৰাকী মুখ্য কেডাৰ আটক হয়।

আটকহোৱা দুৰ্ধৰ্ষ কেডাৰ গৰাকী টিৰাপ জিলাৰ বৰদুৰিয়া গাঁৱৰ দিৱাং লেতেই লোৱাং(২৫)বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰ অনুসৰি, অভিযানকাৰী সেনা বাহিনীৰ দলটোৱে চোৰাংচোৱা বাহিনীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অঞ্চলটোত এন এছ চি এন (য়ু)ৰ কেডাৰ গৰাকীৰ উপস্থিতিৰ বিষয়ে জানিব পাৰে আৰু স্থানীয় আৰক্ষীৰ সহযোগত যুটীয়া অভিযান চলাই কেডাৰ গৰাকীক আটক কৰিবলৈ সক্ষম হয়।

সেনা বাহিনীৰ দলটোৱে এন এছ চি এন(য়ু)ৰ কেডাৰ গৰাকীৰ পৰা এটা ৩২ এম এম পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত সেনা আৰু আৰক্ষীয়ে প্ৰায়ে উগ্ৰপন্থী সংগঠন সমূহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে।

Related News