প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়তে জনতা ভৱনৰ সন্মুখত খিলঞ্জীয়া ভূমিপুত্ৰৰ উলংগ প্ৰতিবাদ

জনতা ভৱনৰ সন্মুখত পুনৰ উলংগ হ'ল অসমীয়া যুৱক

NUDE PROTEST

জনতা ভৱনত উলংগ প্ৰতিবাদ-ফটো নৰ্থ-ইষ্ট নাও

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়তে দিচপুৰত পুনৰ সাৱ্যস্ত কৰা হ’ল উলংগ প্ৰতিবাদ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাৱীত আজি জনতা ভৱনৰ সন্মুখত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে কেইজনমান যুৱকে। প্ৰতিবাদকাৰী সকলক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য বুলি অনুমান কৰা হৈছে।

আৰক্ষীয়ে উলংগ প্ৰতিবাদকাৰী সকলক কম্বলেৰে ঢাকি আঁতৰাই নিবলৈ চেষ্টা কৰিলেও পুনৰবাৰ বিজেপিৰ বিভাজনৰ ৰাজনীতিয়ে খিলঞ্জীয়া ভূমি পুত্ৰক উলংগ কৰা দেখা গ’ল।

জানিব পৰা মতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ছোৱাত মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা অব্যাহত থকাৰ মাজতে প্ৰতিবাদী যুৱক কেইজনে অতৰ্কিতে উলংগ হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰী  সকল  ক্ৰমে-অভয় দে, নুৰুল ইছলাম, প্ৰদীপ নাৰ্জাৰী,পৃথিৰাজ দলে আৰু প্ৰভাত চেতিয়া আৰু হাৰমুজ আলী বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবাদকাৰী কেইজনৰ এনে কাণ্ডত হতচকিত হৈ পৰা আৰক্ষীয়ে তৎপৰতা প্ৰদৰ্শন কৰি কম্বলেৰে ঢাকি প্ৰতিবাদকাৰী কেইজনক আঁতৰাই লৈ যায়।

দিচপুৰৰ প্ৰাণকেন্দ্ৰ জনতা ভৱনৰ সন্মুখতে দ্বিতীয়বাৰৰ বাবে সংঘটিত হোৱা এনে উলংগ প্ৰতিবাদে বৰ্তমান বিজেপি চৰকাৰখনৰ বিৰুদ্ধে বিধেয়ক বিৰোধী প্ৰতিবাদ কিমান প্ৰৱল  সেয়া পুনৰ প্ৰমান কৰিলে।