NORTHEAST NOW (Assamese)

বোকাখাতৰ নুমলীগড় চাহ বাগিচাক কন্টেইনমেণ্ট জ’ন ঘোষণা

May 14, 2021 5:52 pm · মীনাক্ষী ফুকন
প্ৰতিনিধিত্বমূলক ছবি

 গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচাত ৭২ জন লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইন কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে ।

কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক ইয়াৰ অধীনত সামৰি লোৱা হৈছে।

বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ’ব ।

সমগ্ৰ অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান আৰু আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

উল্লেখযোগ্য যে ইয়াকে লৈ জিলাখনত কন্টেইনমেণ্ট জ’নৰ সংখ্যা ৬টালৈ বৃদ্ধি পাইছে ।

Related News