NORTHEAST NOW (Assamese)

পাঁচশৰ সীমা অতিক্ৰম অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাৰ

September 16, 2020 9:57 pm · এন ই নাও নিউজ

আৰু ১৯গৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যাই পাঁচশৰ সীমা অতিক্ৰম কৰিছে।

৫১১গৰাকী ক’ভিড ৰোগীয়ে অসমত বুধবাৰলৈকে প্ৰাণ হেৰুৱাইছে।

অসমজুৰি বিভিন্ন জিলাত ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত মঙলবাৰলৈকে ৪৯২গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে ১,১৬,৯০০গৰাকী ব্যক্তিয়ে অসমত ক’ভিডৰ পৰা আৰোগ্য হৈ মঙলবাৰলৈকে চিকিৎসালয় এৰিছে।

অসমত মঙলবাৰে সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৯,১৮০ (।)

মুঠ ১,৪৬,৫৭৫গৰাকী ব্যক্তি অসমত মঙলবাৰলৈকে ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News