NORTHEAST NOW (Assamese)

জঘন্য! বাছৰ ভিতৰতে বাছ চালকে ধৰ্ষণ কৰিলে তিনি বছৰীয়া নাৰ্চাৰীত অধ্যয়নৰত শিশুক

September 14, 2022 7:57 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 13, 2022 10:30 pm

দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ তথা ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনা। দুৰ্বৃত্তৰ এনে ঘৃণনীয় মানসিকতাৰ পৰা সাৰি যোৱা নাই শিশুও। দেশৰ বহু প্ৰান্তত লম্পট ব্যক্তিৰ কামনাৰ বলি হ’বলগীয়া হৈছে নিষ্পাপ অবোধ শিশু।

মানৱ সমাজক লজ্জানত কৰা এনে এক ঘৃণনীয় নিকৃষ্ট কাণ্ড সংঘটিত হৈছে মধ্য প্ৰদেশৰ ভূপালত। ভূপালৰ এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰিবহনৰ বাবে থকা স্কুলীয়া বাছৰ এগৰাকী বাছ চালকে ধৰ্ষণ কৰিছে বিদ্যালয়খনত নাৰ্চাৰী শ্ৰেণীত অধ্যয়নৰ কৰা এটি তিনি বছৰীয়া শিশুক।

এই জঘন্য ধৰ্ষণকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশকে। প্ৰকাশিত খবৰ অনুসৰি শিশুটিৰ শৰীৰত আঘাতৰ চিন দেখি সন্দেহবশত: মাতৃয়ে শিশুটিয়ে কেনেদৰে আঘাত পায় জানিব বিচাৰে।

শিশুটিয়ে মাকক এই জঘন্য কাণ্ডৰ বিষয়ে অৱগত কৰাৰ পিছতে পৰিয়ালটো বিদ্যালয় পৰিচালনাৰ ওচৰত ঘটনাৰ সত্যাসত্য বিচাৰৰ বাবে অভিযোগ দিয়ে। কিন্তু তেওঁলোকে স্পষ্টভাৱে সকলো অভিযোগ অস্বীকাৰ কৰে।

ইয়াৰ পিছতে পৰিয়ালটো আৰক্ষীৰ কাষ চাপে আৰু অভিযোগ দাখিল কৰে। আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰি অভিযুক্ত চালকগৰাকীক যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

ইফালে এই জঘন্য ঘটনা বিদ্যালয়খনৰ এগৰাকী মহিলা সহায়িকাৰ সন্মুখতে সংঘটিত হোৱা বুলি শিশুটিয়ে জানিবলৈ দিযাৰ পিছত এনে এক অপৰাধ লুকুৱাবলৈ চেষ্টা কৰাৰ অভিযোগত সহায়িকাগৰাকীকো গ্ৰেপ্তাৰ কৰা হয়।

ঘটনাসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰাই কয় যে দুয়োগৰাকী অভিযুক্তকে গ্ৰেপ্তাৰ কৰা হৈছে।

বিদ্যালয় কৰ্তৃপক্ষইও এই অপৰাধ ঢাকিবলৈ চেষ্টা কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয় কৰ্তৃপক্ষকো সোধা-পোছা কৰা হ’ব আৰু যদি তেওঁলোক দোষী সাব্যস্ত হয় তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।

Related News