সাৱধান!! মাৰাত্মক ভুল স্বাস্থ্য বিভাগৰ!! খোৱাৰ অনুপযোগী ঔষধ প্ৰেৰণ কৰি বিতৰণ নকৰিবলৈ আকৌ জৰুৰী নিৰ্দেশ চৰকাৰৰ

NVBDCP

দেশৰ সাধাৰণ জনতাই নিজৰ স্বাস্থ্যৰ বাবে চৰকাৰী পুষ্টি আঁচনি আৰু ঔষধৰ ওপৰত ভৰসা কৰি থকাৰ সময়তে এটা চৰকাৰী স্বাস্থ্যখণ্ডত সংঘটিত এটা ভংয়কৰ ঘটনাই জোকাৰি গৈছে সচেতন ৰাইজক। জানিব পৰামতে, কেন্দ্ৰই অসমলৈ যোৱা এপ্ৰিল মাহত যোগান ধৰা মেলেৰিয়াৰ ঔষধবোৰ আছিল খোৱাৰ অনুপযোগী।

ইতিপূৰ্বে এই ঔষধবোৰ অসমৰ প্ৰতিখন জিলালৈ প্ৰেৰণ কৰা হৈছিল। মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ থকা ৰাজ্যখনত এই ঔষধ কোনো কোনো ঠাইত ৰোগীক দিয়া হৈছে যদিও আচৰিত হ’ব লগীয়া নাই। কাৰণ জিলাবোৰলৈ প্ৰেৰণ কৰা ইতিমধ্যে ৪ মাহ হৈ গ’ল।

এই মাৰাত্মক ভুলটোৰ কথা জানিব পাৰি যোৱা ৭ ছেপ্টেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনস্থ নেশ্যনেল ভেক্টৰ বৰ্ন ডিজিজ কণ্ট্ৰল প্ৰ’গ্ৰেমৰ (national vector borne disease control programme) পৰিচালন সঞ্চালক অৱধনেশ কুমাৰে ৰাজ্য চৰকাৰলৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। দিল্লীৰ পৰা এই পত্ৰ লাভৰ পাছতেই সোমবাৰে ৰাজ্যৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্ৰতিখন জিলাৰ স্বাস্থ্য বিষয়ালৈ তৎকালীনভাৱে এ চি টি-এল টেবলেট ৰোগীৰ মাজত বিতৰণ বন্ধ কৰিবলৈ জৰুৰী নিৰ্দেশ  দিছে। আজি এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে এখন অসমীয়া দৈনিক কাকতত।

উল্লেখযোগ্য যে উপৰোক্ত আঁচনিখনৰ (এন ভি বি ডি চি পি) অধীনত মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ, ফাইলেৰিয়া আদি কেইবাটাও মাৰাত্মক ৰোগ নিৰ্মূলৰ বাবে বিগত ২০০৩ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাজ্য চৰকাৰসমূহক উক্ত ৰোগসমূহৰ নিৰাময়ৰ বাবে বিভিন্ন ধৰণে সহায়-সহযোগ আগ বঢ়ায় এই এন ভি বি ডি পি চিয়ে।

আনহাতে অতিকৈ মাৰাত্মক কথাটো হ’ল ইয়াৰে বেছিভাগ ঔষধেই শিশুক খুওৱা হয়। যোৱা এপ্ৰিল মাহত এন ভি বি ডি পি চিয়ে ৬ মাহৰ পৰা ৩ বছৰৰ শিশুৰ বাবে এ চি টি এল (এ আৰ এম/৮০০১) আৰু ৩ বছৰৰ পৰা ৮ বছৰৰ শিশুৰ বাবে এ চি টি এল (এ আৰ/৮০০২) টেবলেট অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যক যোগান ধৰিছিল।

জনস্বাস্থ্যৰ দায়িত্ব লৈ থকা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ৰূপায়ণকাৰীৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ আদি নিৰ্মূলৰ আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰি থকা সত্ত্বেও এইবোৰত মানুহৰ মৃত্যু অব্যাহত থকাৰ আঁৰতো চৰকাৰৰে এনেকুৱা ভেজাল কাম বুলি ভাবিবলৈ বাধ্য হৈছে সচেতন ৰাইজ।