NORTHEAST NOW (Assamese)

নতুন ঔষধ ‘অবিচেট্ৰাপিব’ৰ সফলতা! হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকললৈ কঢ়িয়াই আনিছে আশাৰ ৰেঙণি

June 17, 2025 6:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 16, 2025 9:03 pm

হৃদৰোগ আৰু কলেষ্টেৰলৰ সমস্যাত ভোগাসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে এদল গৱেষকে। শেহতীয়াকৈ বিজ্ঞানীসকলে এটা নতুন ঔষধ আৱিষ্কাৰ কৰিছে, যাৰ নিয়মীয়া ব্যৱহাৰে কেৱল কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাই নহয়, হাৰ্ট এটেকৰ সম্ভাৱনাও বহু পৰিমাণে হ্ৰাস কৰে।

যদি কলেষ্টেৰল নিয়ন্ত্ৰণত নাথাকে তেন্তে ই বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। তেজত অত্যধিক এল ডি এল (বেয়া কলেষ্টেৰল) থাকিলে হাৰ্ট এটেকৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বহু সময়ত ৰোগীয়ে কলেষ্টেৰল নিয়ন্ত্ৰণৰ বাবে বহু ঔষধ সেৱন কৰিবলগীয়া হয়।

শেহতীয়া গৱেষণাটোত হৃদৰোগ বা উচ্চ কলেষ্টেৰলৰ সমস্যাত ভুগা ৬৫ বছৰ গড় বয়সৰ প্ৰায় ২৫০০ জন লোকক এই ঔষধ দিয়া হৈছিল। এটা গোটক ‘অবিচেট্ৰাপিব’ আৰু আনটো গোটক প্লেচেব’ (প্ৰভাৱহীন ঔষধ) দিয়া হৈছিল। ১২ সপ্তাহৰ পিছত দেখা গৈছে যে অবিচেট্ৰাপিব সেৱন কৰাসকলৰ এল ডি এল কলেষ্টেৰল ৩২.৬ শতাংশ আৰু লিপ’প্ৰটিনৰ মাত্ৰা ৩৩.৫ শতাংশ হ্ৰাস পাইছে। এই গৱষণা পত্ৰ ব্ৰিটেইনত অনুষ্ঠিত ‘ইউৰোপিয়ান এথেৰ’স্কলেৰ’ছিছ ছ’চাইটি কংগ্ৰেছ’ আৰু ‘দ্য নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন’ত প্ৰকাশিত হৈছে।

যদি তেজত এল ডি এল (low density lipoprotein) অৰ্থাৎ ‘বেয়া কলেষ্টেৰল’ৰ মাত্ৰা বেছি হয়, তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। মনাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ষ্টিফেন নিকোলছে কয়, “এই ঔষধ হৃদৰোগৰ চিকিৎসাত ভৱিষ্যতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ইয়াক দিনটোত মাত্ৰ এবাৰ সেৱন কৰিলেই হয় আৰু ই অতি উপকাৰী।”

জানিব পৰা মতে, ৰোগীসকলে দিনটোত মাত্ৰ এবাৰহে এই ঔষধ ব্যৱহাৰ কৰিছিল। গৱেষকসকলে কয় যে শেহতীয়াকৈ নেদাৰলেণ্ডৰ এটা ঔষধ কোম্পানীয়ে অবিচেট্ৰপিব নিৰ্মাণ কৰিছে। কিন্তু সেই ঔষধৰ কিছু সীমাবদ্ধতা আছিল। উদাহৰণস্বৰূপে, উচ্চ এল ডি এল থকা ৰোগীক সেই ঔষধৰ ব্যৱহাৰৰ বাবে নিৰ্বাচিত কৰা হোৱা নাছিল। সেই অধ্যয়নত এল ডি এলৰ তাৰতম্য জুখিছিল। কিন্তু ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায় নে নহয় সেয়া স্পষ্ট হোৱা নাছিল।

Related News