নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবলৈ অ-বড়ো সুৰক্ষা কমিটিৰ আহ্বান

বিজেপিক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৩ খনকৈ সমষ্টিত বিজেপিৰ বিৰুদ্ধে অ বড়ো সুৰক্ষা কমিটিৰ প্ৰাৰ্থী

a obodo

শনিবাৰে অ বড়ো সুৰক্ষা কমিটিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপি দলক পৰাভূত কৰিবলৈ অসমবাসী ৰাইজৰ ওচৰত আহ্বান জনায়।

অ বড়ো সুৰক্ষা কমিটিৰ উপদেষ্টা ব্ৰজেন মহন্তই আগন্তুক নিৰ্বাচনক উদ্দেশ্যি কয় ” বিজেপিক এইবাৰ উৎখাত কৰিবলৈ অ বড়ো সুৰক্ষা কমিটিৰ ফালৰ পৰা তামুলপুৰ,গোসাঁইগাঁও আৰু চাপাগুড়িত আমাৰ প্ৰাৰ্থী ক্ৰমে ৫৮ নং সমষ্টি তামুলপুৰত ডিম্বেশ্বৰ ৰাভা,৬৩ নং সমষ্টি চাপাগুড়িত জ্যোতিষ কুমাৰ দাস আৰু ২৮ নং সমষ্টি গোসাঁইগাঁওত আব্দুল ছামাদ চৌধুৰীক আগবঢ়াইছোঁ।”

“বিজেপি নেতৃত্বাধীন উ পি পি এল আৰু গি এচ পি চৰকাৰ বিটিছিত অধিষ্ঠিত হোৱাৰ পাছতেই
চৰকাৰৰ নিৰ্দেশ অনুসৰি অগণন ৰাইজক উচ্ছেদিত কৰাৰ বাবে চৰকাৰী নটিচ জাৰি কৰা দেখা পোৱা গ’ল।

কিন্তু জনগণৰ ৰঙা চকুৰ ভয়ত  আৰু নিৰ্বাচন সমুখত থকাৰ বাবে এই কাৰ্য্য স্থগিত ৰখা দেখা পোৱা গ’ল।

তেওঁ লগতে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে মহাজোঁটৰ প্ৰাৰ্থীৰ লগতে বিজেপি বিৰোধী শক্তিশালী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

‘সেইবাবে সকলো অসমবাসী ৰাইজলৈ আহ্বান  জনাওঁ যদি জাতি মাটি ভেটি ৰক্ষা কৰিব খুজিছে তেনেহলে এইবাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিব লাগিব অন্যথা বিজেপি মিত্ৰজোঁট চৰকাৰে অসমখন ধ্বংস কৰিবলৈ বেছি দিন নাই’। উপদেষ্টা ব্ৰজেন মহন্তই অসমবাসী ৰাইজলৈ আহ্বান জনাই কয়।