এখন ৰাজহুৱা অভিযোগ নিৰাময় সভা অনুষ্ঠিত হৈ আছিল। সেই সময়ত হঠাৎ তাত কিছুমান মানুহ সোমাই আহিল। তাৰ পৰাই ওড়িশাৰ এজন শীৰ্ষ বিষয়াক টানি-আজুৰি বাহিৰলৈ উলিয়াই অনা হয়। ইয়াৰ পিছত তেওঁক চৰম নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে।
চৰ, ঘুচা, লাথি একোৱেই বাদ দিয়া নহ’ল। আন ঠাইত নহয়, ওড়িশাৰ ৰাজধানী চহৰত সংঘটিত হৈছে এই ঘটনা । ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কে মন্তব্য কৰিছে যে ইয়াত কোনো লোক সুৰক্ষিত নহয়।
এই ঘটনা ভুৱনেশ্বৰ পৌৰসভাৰ। এইদৰে নিৰ্যাতনৰ সন্মুখীন হোৱা ব্যক্তিজন হ’ল ৰত্নাকৰ চাহু। ভুৱনেশ্বৰ পৌৰসভাৰ অতিৰিক্ত উপায়ুক্ত। অভিযোগ অনুসৰি অতিৰিক্ত সচিবৰ পদমৰ্যাদাৰ বিষয়াজনক বিজেপিৰ এজন কাউন্সিলাৰৰ সন্মুখতে হাৰাশাস্তি কৰা হৈছিল।
এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াত দেখা যায় যে ভুৱনেশ্বৰ পৌৰসভাৰ কাৰ্যালয় চৌহদত এদল যুৱকে তেওঁক নিৰ্যাতন চলাই আছে। চাৰ্টৰ কলাৰ টানি মাৰপিট কৰাৰ লগতে হাৰাশাস্তি কৰাৰ সময়ত অশ্ৰাব্য ভাষাৰে গালি-গালাজ কৰে। তেওঁক মাৰপিট কৰাসকলে দাবী কৰে যে বিষয়াজনে তাৰ এগৰাকী বিজেপি নেতাৰ সৈতে বেয়া ব্যৱহাৰ কৰিছিল।
বিষয়াগৰাকীয়ে লগতে দাবী কৰে যে আক্ৰমণকাৰীয়ে তেওঁক জোৰকৈ তেওঁলোকৰ গাড়ীত উঠাবলৈ চেষ্টা কৰিছিল। সোমবাৰে পুৱা প্ৰায় ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা। তেওঁৰ চিনাকি ছয়জন যুৱকে এগৰাকী পৌৰসভাৰ কাউন্সিলাৰৰ সৈতে তেওঁৰ কাৰ্যালয়ৰ চেম্বাৰত প্ৰৱেশ কৰি তেওঁক হাৰাশাস্তি কৰে।
সোমবাৰৰ ঘটনাক লৈ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেডি দলৰ মুৰব্বী নবীন পাটনায়কে। ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ঘটনাৰ ভিডিঅ’ই তেওঁক স্তম্ভিত কৰি তুলিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিৰ পৰা ‘এই লজ্জাজনক আক্ৰমণৰ পৰিকল্পনা আৰু ষড়যন্ত্ৰ কৰা ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে তাৎক্ষণিক আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘এজন জ্যেষ্ঠ চৰকাৰী বিষয়া নিজৰ কাৰ্যালয়ত সুৰক্ষিত নহয়। গতিকে এই ৰাজ্যৰ সাধাৰণ নাগৰিকে আইন-শৃংখলাৰ সন্দৰ্ভত চৰকাৰৰ পৰা কি আশা কৰিব পাৰে?’ এই ঘটনাক কংগ্ৰেছেও গৰিহণা দিছে।
এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
পৌৰসভাৰ মেয়ৰ সুলোচনা দাসেও এই ঘটনাক তীব্ৰ গৰিহণা দিছে। তেওঁ লগতে কয় যে তাত কোনেও নিৰাপত্তা অনুভৱ নকৰে। লগতে এই ঘটনাৰ লগত জড়িত আন লোককো শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।
এই ঘটনাৰ পিছত সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ওড়িশা প্ৰশাসনৰ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়। এই আক্ৰমণৰ লগত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।