• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’লৈ গ’ল উচ্ছেদিত অনুপ্ৰৱেশকাৰীসকল? গৃহমন্ত্ৰী লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 7:30 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া অসম ভ্ৰমণক ব্যৰ্থ, নিৰস আৰু হতাশাজনক বুলি আখ্যা দিছে। ডিব্ৰুগড়ত এক সংবাদমেলত ভাষণ দি গগৈয়ে অমিত শ্বাহক কটাক্ষ কৰি কয় যে, তেওঁ সংগতিবিহীন, অবাস্তৱ আৰু মিথ্যাচাৰেৰে পৰিপূৰ্ণ কথা কৈ অসম এৰি গৈছে।

অজাপৰ নেতাগৰাকীয়ে কয় যে, অমিত শ্বাহৰ পৰা উত্তৰ বিচাৰি ৰাইজৰ হৈ দলে মুঠ ১১টা প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰশ্নসমূহ বিজেপিয়ে ২০১৪, ২০১৬, ২০১৯, ২০২১ আৰু ২০২৪ চনৰ নিৰ্বাচনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ সৈতে জড়িত। আশা কৰা হৈছিল যে, অসম ভ্ৰমণ কালত তেওঁ এই প্ৰশ্নসমূহৰ উত্তৰ দিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে গুৱাহাটীত তিনিখন ৰাজহুৱা সভাত ভাষণ দিলেও এটা প্ৰশ্নৰো উত্তৰ নিদিয়া অভিযোগ কৰে লুৰীণজ্যোতি গগৈয়ে।

Apply Now

তেওঁ কয়, “দেশৰ গৃহমন্ত্ৰীয়ে এটাও প্ৰশ্নৰ উত্তৰ নিদিলে। দেশত এনে এটা ব্যৱস্থা চলি আছে যি ব্যৱস্থাত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আদিয়ে নিজৰ মুখেৰে দিয়া প্ৰতিশ্রুতি সমূহৰ প্ৰতিও দায়বদ্ধ নহয়।”

অনুপ্ৰৱেশকাৰীৰ প্ৰসংগত গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক কটাক্ষ কৰি কয় যে, অমিত শ্বাহে ঘোষণা কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ১,২৬,০০০ একৰ মাটি অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিছে। কিন্তু আমি বিচাৰো যে, এই বৃহৎ পৰিমাণৰ মাটিত বসবাস কৰা অনুপ্ৰৱেশকাৰীসকলক কি কৰা হ’ল? ৪ লাখ ১৫ হাজাৰ ৮০০ বিঘা মাটিত থকা এই মানুহসকলক বহিষ্কাৰ কৰা হ’ল নে নাই?

তেওঁ লগতে কয়, “গৃহমন্ত্ৰীৰ ভাষাত সেই অবৈধ অনুপ্ৰবেশকাৰীসকলক ৰাজকোষৰ ধনেৰে ভাৰতৰ ভূমিখণ্ডৰ অসমৰ ভৌগলিক চাৰি সীমাৰ ভিতৰতেই পুনৰ সংস্থাপিত কৰিছে। এতিয়া গৃহমন্ত্ৰীয়ে আমাক জনাওক, অবৈধ অনুপ্ৰৱেশকাৰী বুলি জনাৰ পিছতো সেই সকলক বহিস্কাৰ নকৰি ৰাজকোষৰ ধনেৰে অসমৰ মাটিত পুনৰ সংস্থাপন কৰাটো ৰাষ্ট্ৰদ্ৰোহ হয় নে নহয়।”

গগৈয়ে অভিযোগ কৰে যে, উচ্ছেদিত মাটিৰ অধিক সংখ্যক অংশৰ পৰা অসমৰ জনজাতীয় খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰা হৈছে। তেনেস্থলত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে অসমৰ জনজাতীয় ভূমিপুত্ৰসকলক অবৈধ অনুপ্ৰৱেশকাৰী আখ্যা দি অক্ষমনীয় অপৰাধ কৰিছে।

ইয়াৰ লগতে লুৰীণজ্যোতি গগৈয়ে দাবী কৰে যে, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকো, লখিমপুৰৰ পবা, ফুকনহাট, নগাঁৱৰ মিকিৰ বামুনি, কাজিৰঙাৰ সমীপৰ ইংলে পথাৰ আৰু হাতীখুলি, গুৱাহাটীৰ ওচৰৰ আমচাং আদি অঞ্চলৰ উচ্ছেদিত খিলঞ্জীয়া ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd