বেটছমেনৰ ব্যৰ্থতাৰ বাবেই বেয়াকৈ মুখ থেকেচা খালে অসমে : ৯ উইকেটত জয়ী উৰিষ্যা

Guwahati- Ranji trophy cricket (2)

প্ৰতিনিধিত্বমূলক চিত্ৰ

দুবছৰৰ মূৰত ত্ৰিপুৰাৰ বিপক্ষে জয়ৰ মুখ দেখিলেও চলিত চিজনৰ ৰঞ্জি ট্ৰফীৰ তৃতীয়খন মেচত অসম দলে উৰিষ্যাৰ বিপক্ষে বেয়াকৈ মুখ থেকেচা খালে। বেটছমেনৰ শোচনীয় প্ৰদৰ্শনৰ বাবেই অসমে তৃতীয় দিনাই পৰাজয় স্বীকাৰ কৰিব লগীয়া হয়।

২০ নৱেম্বৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰঞ্জি ট্ৰফীৰ মেচখনত ঘৰুৱা দল অসমে মাত্ৰ ১২১ ৰানতে নিজৰ প্ৰথম ইনিংছ সামৰাৰ পিছত প্ৰত্যুত্তৰত আলহী দল উৰিষ্যাই নিজৰ প্ৰথম ইনিংছত ২৪০ ৰান সংগ্ৰহ কৰি ১১৯ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে।

১১৯ ৰানত পিছ পৰি থকা অসমে দ্বিতীয় ইনিংছতো অব্যাহত ৰাখে বেটিং ব্যৰ্থতা। ঘৰুৱা দলটোৱে দ্বিতীয় ইনিংছত মাত্ৰ ১৩২ ৰানত অল আউট হয় আৰু আলহী দলটোক মাত্ৰ ১৪ ৰানৰ লক্ষ্য বান্ধি দিয়ে। অসম দলৰ বেটিং ব্যৰ্থতাৰ মূলতে আছিল উৰিষ্যাৰ পেছ বলাৰ ৰাজেশ মহান্তি।

ইফালে অতি সহজ লক্ষ্য আগত লৈ আলহী দল উৰিষ্যাই বেটিং কৰিবলৈ আহি মাত্ৰ এটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।

উল্লেখ্য যে মেচখনত উৰিষ্যাৰ হৈ পেছ বলাৰ ৰাজেশ মহান্তিয়ে সৰ্বমুঠ ১১টা উইকেট দখল কৰি বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ উপৰি শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।