লম্পট পৰিল ফান্দত! ডিভোৰ্ছ নিদিয়াকৈয়ে চাৰিজনীক বিয়া পাতি আৰক্ষীৰ জালত শিক্ষক

images_representative purpose

প্ৰতিনিধিত্বমূলক ফটো।

এজনী, দুজনী নহয়, চাৰিজনীকৈ যুৱতীক বিয়া পাতিছিল উৰিষ্যাৰ চৰকাৰী স্কুলৰ এগৰাকী শিক্ষকে। এনে অভিযোগত  শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিযুক্ত কৃষ্ণ চন্দ্ৰ নায়ক নামৰ শিক্ষকগৰাকীক।

বাতৰি অনুসৰি, কোনো এগৰাকী পত্নীৰ সৈতেও বিবাহ বিচ্ছেদ কৰা নাছিল ৪৫ বছৰীয়া এই শিক্ষকগৰাকীয়ে। যোৱাবছৰৰ লকডাউনৰ মাজতেই দুবাৰকৈ বিয়া পাতিছিল নায়কে।

শিক্ষকগৰাকীৰ প্ৰথম আৰু তৃতীয় পত্নীয়ে কথাটো জানিব পাৰি কটকৰ মহিলা থানাত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰে আৰু তদন্তত ওলাই পৰে যে তেওঁ এজনী-দুজনী নহয়, মুঠ চাৰিজনীক বিয়া পাতিছিল।

থানাখনৰ আৰক্ষী বিষয়া অনসূয়া নায়কে কয় যে যোৱা মাহত অভিযোগ পোৱাৰ পাছত অভিযুক্ত শিক্ষকগৰাকীক স্কুলৰ পৰাই গ্ৰেপ্তাৰ কৰা হয়।

কৃষ্ণ চন্দ্ৰ নায়কে চালপুৰৰ এখন চৰকাৰী স্কুলত শিক্ষকতা কৰে। আৰক্ষীয়ে দাবী কৰা মতে ২০০১ চনত উৰিষ্যাৰ ৰছুৱাপাটনাৰ এটি মন্দিৰত প্ৰথমটো বিয়া পাতিছিল। ইয়াৰ আঠ বছৰৰ ভিতৰতে প্ৰথম পত্নীক নজনোৱাকৈ দ্বিতীয়বাৰৰ বাবে বিয়া পাতে।

জানিব পৰা মতে, দ্বিতীয় পত্নীৰ সৈতে তেওঁ তিনিবছৰ সংসাৰ কৰে। ইয়াৰ পাছত এদিন পত্নীৰ সকলো অলংকাৰপাতি তথা যৌতুকত লাভ কৰা সামগ্ৰীসমূহ লৈ পলাই যায় কৃষ্ণ। তাৰপাছতো তেওঁ আৰু দুজনীক বিয়া পাতে।

যোৱা জানুৱাৰি মাহত শিক্ষক কৃষ্ণৰ প্ৰথমগৰাকী পত্নীয়ে পতিৰ সকলো লীলাৰ কথা জানিব পাৰে আৰু আৰক্ষীৰ কাষ চাপে।

অভিযুক্ত শিক্ষকগৰাকীৰ এগৰাকী পত্নীয়ে কয় যে যোৱা ২০১৬চনত তেওঁৰ কৃষ্ণৰ সৈতে বিয়া হয়। যোৱা বছৰ কৃষ্ণৰ ফোনত তেওঁ আন মহিলাৰ ফটো দেখা পাই সন্দেহ উপজে। তেওঁ গোটেই কথাখিনি পৰিয়ালক জনায়। পৰিয়ালৰ লোকে তেওঁক আৰক্ষীৰ ওচৰত অভিযোগ দিবলৈ কয়।

প্ৰতাৰণাৰ বলি পত্নীগৰাকীয়ে লগতে কৃষ্ণৰ কঠোৰ শাস্তি হোৱাটো বিচাৰিছে।