মানৱীয়তা ! এজন ৰিক্সা চালকক এক কোটি টকাৰ সম্পত্তি উপহাৰ দিলে বৃদ্ধাই!

Odisha woman hands over property worth Rs 1 crore to rickshaw-puller

পৃথিৱীত মানুহৰ স্বাৰ্থপৰতাৰ উদাহৰণ অনেক পোৱা যাব। বাস্তৱ পৃথিৱীত মানুহে ন্যস্ত স্বাৰ্থৰ বাবে আনৰ সুখ-দুখৰ মূল্যাংকন নকৰে জীৱনে আমাক এইটোৱেই শিকায়। আমাৰ লোভী মনটো কেৱল নিজ স্বাৰ্থ সুৰক্ষাত ব্যস্ত।

তথাপিও পৃথিৱীখন এতিয়াও চলি আছে কাৰণ তাত ব্যতিক্ৰম আছে। এনে কিছু ব্যতিক্ৰমে এতিয়াও মানৱতাৰ জয়গান গাই আছে। তেনে এক ব্যতিক্ৰম হৈছে উৰিষ্যাৰ ৬৩ বছৰীয়া মিনতি পাটনায়ক।

এজন সাধাৰণ ৰিক্সাচালক বুধা শ্বামাল দুটা দশকৰো অধিক সময় ধৰি মিনতি পাটনায়কৰ পৰিয়ালৰ কৰ্তব্যৰত হৈ আছে। তাৰ বিনিময়তে এইগৰাকী বৃদ্ধাই বুধাৰ পৰিয়ালৰ নামত তেওঁৰ সকলো স্থাৱৰ সম্পত্তি তুলি দিছে।

যোৱা বছৰ বৃক্ক বিকল হোৱাৰ ফলত মিনতি পাটনায়কৰ স্বামীৰ মৃত্যু হৈছিল। স্বামীৰ মৃত্যুৰ পিছত মিনতি তেওঁৰ জীয়েকৰ সৈতে বাস কৰিছিল। অলপতে হৃদৰোগত আক্ৰান্ত হোৱা একমাত্ৰ ছোৱালীজনীৰ মৃত্যু হোৱাৰ লগে লগে অকলশৰীয়া হৈ পৰে মিনতি পাটনায়ক। তেওঁ আনকি জীয়াই থকাৰ ইচ্ছাও হেৰুৱাই পেলায়।

সেই কঠিন পৰিস্থিতিত পৰিয়াল আৰু আত্মীয়সকলৰ কোনো মিনতিৰ কাষত থিয় হোৱা নাছিল। মিনতিৰ অকলশৰীয়া জীৱনত সাৰথি হিচাপে থিয় দিছিল ৰিক্সাচালক বুধা। বুধাৰ পৰিয়ালো তেওঁৰ কাষত আছিল।

যোৱা দুটা দশকধৰি মিনতি পাটনায়কে তেওঁৰ কাষত চৰ্তহীন বিশ্বাসেৰে থিয় দিয়া বুধাৰ পৰিয়ালক প্ৰেম আৰু সন্মান প্ৰদান কৰিব বিচাৰে। উল্লেখ্য যে মিনতিৰ ঘৰ, সোণৰ গহনা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ মুঠ ১ কোটি টকা। বুধা আৰু বুধাৰ পৰিয়ালৰ মৰমৰ চিন স্বৰূপে এই বৃহৎ সম্পত্তি বুধাক উপহাৰ হিচাপে আগবঢ়াইছে মিনতি পাটনায়কে।

মিনতিৰ নিজৰ তিনিগৰাকী ভগ্নী আছে। তেওঁলোকে মিনতিৰ এই সিদ্ধান্তত তীব্ৰ আপত্তি কৰিছিল। কিন্তু মিনতিদেৱীয়ে সেই সকলোবোৰ আপত্তি অগ্ৰাহ্য কৰে।

সকলো আইনী দস্তাবেজ মিনতি পাটনায়কে এনেদৰে প্ৰস্তুত কৰিছে যাতে বুধাৰ মৃত্যুৰ পিছতো কোনো সমস্যা নহয়। মিনতি পাটনায়কে ভাৱে যে এইটো বুধাৰ পৰিয়ালৰ বাবে কেৱল এটা পুৰস্কাৰ।

অৱশ্যে এই বৃহৎ সম্পত্তি লাভ নকৰিলেও চিন্তিত নহয় বুধা। তেওঁ কয় যে দুটা দশকৰো অধিক সময় ধৰি মই এই পৰিয়াল আৰু মাতৃৰ যত্ন লৈছো আৰু মৃত্যুবৰণ কৰিম।

যেতিয়া তেওঁলোকে বাতৰি কাকত চাই মিনতিদেৱী আৰু বুধাই এখন বেলেগ পৃথিৱীৰ সপোন দেখে য’ত হত্যা আৰু বিশ্বাসঘাতকতা শূন্য এখন সমাজত মানুহে বাস কৰে। তেওঁলোকে বিশ্বাস কৰিব বিচাৰে, “কৰবাত আজিও ভাল মানুহ আছে আৰু সেইটোৱেই মানৱতাৰ বিশ্বাস।”