ওড়িশাৰ কেন্দ্ৰপাৰা জিলাত এগৰাকী যুৱতীয়ে শৰীৰত অগ্নি সংযোগ কৰি আত্মহত্যা কৰে। এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ওড়িশাত একে মাহৰ ভিতৰত এইটো এনে ধৰণৰ তৃতীয়টো ঘটনা।
যুৱতীগৰাকীৰ মৃত্যুৰ পিছত পৰিয়ালে প্ৰেমিকৰ বিৰুদ্ধে মানসিক অত্যাচাৰ আৰু ভাবুকিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বালেশ্বৰ আৰু পুৰীৰ পিছত এইবাৰ কেন্দ্ৰপাৰাত সংঘটিত এই ঘটনাই ৰাজ্যত মহিলাৰ নিৰাপত্তাৰ প্ৰশ্ন পুনৰ উত্থাপন কৰিছে।
ঘটনা ক্ৰম অনুসৰি বুধবাৰে কেন্দ্ৰপাৰাৰ এখন গাঁৱৰ ঘৰৰ পৰা ছোৱালীগৰাকীৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাৰ সময়ত যুৱতীগৰাকী ঘৰত অকলশৰীয়াকৈ আছিল। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, মৃত যুৱতীগৰাকীয়ে নিজৰ শৰীৰত কেৰাচিন তেল ঢালি জুই লগাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে। কিন্তু এইটো আত্মহত্যা, দুৰ্ঘটনা নে অন্য কোনো কাৰণৰ ফল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মৃতকৰ পিতৃৰ অভিযোগ যে তেওঁৰ কন্যাৰ প্ৰেমিকে দীৰ্ঘদিন ধৰি মানসিকভাৱে নিৰ্যাতন চলাই আহিছে। আৰু বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰি আহিছিল। আৰক্ষীয়ে এই অভিযোগৰ সত্যতা নিৰূপণৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে এইটো ওড়িশাত সাম্প্ৰতিক সময়ত একেধৰণৰ তৃতীয় ঘটনা। প্ৰথমে বালেশ্বৰত এগৰাকী ছাত্ৰীয়ে কলেজৰ বিভাগীয় মুৰব্বীৰ বিৰুদ্ধে যৌন হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি কেম্পাছত নিজৰ গাত জুই লগাই আত্মহত্যা কৰিছিল। তেওঁৰ শৰীৰৰ ৯৫ শতাংশ জ্বলি যোৱাৰ ফলত ভুৱনেশ্বৰৰ এম.আই.এছ. হাস্পতালত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত পুৰীৰ বালঙগাত ১৫ বছৰীয়া এগৰাকী কিশোৰীক দুষ্কৃতিকাৰীৰ দ্বাৰা জুই লগোৱাৰ অভিযোগ উত্থাপিত হৈছিল। যদিও পিছত তেওঁ নিজৰ বক্তব্য সলনি কৰিছিল, তেওঁ দিল্লীৰ এম.আই.এছ. হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যুমুখত পৰে। কেন্দ্ৰপাৰাৰ এই তৃতীয় ঘটনাই ৰাজ্যত মহিলাৰ বিৰুদ্ধে হিংসা আৰু মানসিক নিৰ্যাতনৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সৃষ্টি কৰিছে।