চাকৰিৰ স্বাৰ্থতে বিদেশী ন্যায়াধিকৰণত কৰ্মৰত বিষয়াই বিদেশী ঘোষণাৰ প্ৰতিযোগিতাত নামিছে : আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান

Foreigners-tribunal

“বিদেশী ন্যায়াধিকৰণে স্বদেশী মানুহক সততে বিদেশী ঘোষণা কৰি নতুন নতুন সমস্যাৰ সৃষ্টি কৰি আছে।”

১৪ আগষ্টত দিচপুৰস্থিত আমছুৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰিছে আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে।

তাৎপৰ্য্যপূৰ্ণভাৱে আমছুৰ উপদেষ্টাগৰাকীয়ে স্বাধীন দেশৰ নাগৰিক হৈয়ো পৰাধীন হিচাপে থকা বুলি এক মন্তব্য কৰে। তেওঁ লগতে কয়, “বিদেশী আইন ১৯৪৬ আৰু বিদেশী ন্যায়াধিকৰণ আইন ১৯৬৪-ৰ অধীনত যিবিলাক ন্যায়াধিকৰণ হৈ আছে, সেইবোৰে আমাক ভাবিবলৈ বাধ্য কৰিছে আমি এতিয়াও স্বাধীন দেশৰ নাগৰিক হিচাপে বসবাস কৰিব পৰা নাই।”

আনহাতে, ‘বিদেশী ন্যায়াধিকৰণত কৰ্মৰত বিষয়া বা অন্য সদস্যসকলৰ মাজত এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হোৱা’ বুলি মন্তব্য কৰি তেওঁ কয় “এবছৰ-ডেৰবছৰ ধৰি তেওঁলোকৰ মাজত কোনে কিমান বিদেশী হিচাপে ঘোষণা কৰিব পাৰে তাৰ প্ৰতিযোগিতা চলিছে।”

তেওঁ লগতে অসম চৰকাৰৰ প্ৰতি অভিযোগৰ আঙুলি টোঁৱাই কয়, “কিছুদিন পূৰ্বে ন্যায়াধিকৰণত কাম কৰা ১৯গৰাকীকৈ সদস্যক অসম চৰকাৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। তেওঁলোকক এটা কাৰণেই বৰ্খাস্ত কৰিছে যে তেওঁলোকে বিদেশী বেছি পৰিমাণে ঘোষণা কৰিব নোৱাৰিলে।”

সেয়েহে ন্যায়াধিকৰণৰ বাকী সকস্যসকলেও নিজৰ চাকৰি জীয়াই ৰখাৰ স্বাৰ্থত সামান্য নামৰ বানানৰ ভুল, ভোটাৰ তালিকাত বয়সৰ সামান্য তাৰতম্যৰ ভুলৰ বাবে হাজাৰ-হাজাৰ লোকক বিদেশী হিচাপে ঘোষণা কৰি অহা বুলি আজিজুৰে সংবাদমেলত গুৰুতৰ অভিযোগ তোলে।

“আনহাতে, বিদেশী চিনাক্তকৰণৰ যি আৰ্হি আছে, তাৰ জৰিয়তে অসম চৰকাৰে বিদ্যশী ন্যায়াধিকৰণৰ লোকসকলক নিৰ্দেশ দিছে যে যিমান সম্ভৱ সিমানেই বিদেশী ঘোষণা কৰিব লাগে।” আজিজুৰে সংবাদমেলত এইদৰে কয়।

সংবাদমেলত তেওঁ চৰকাৰলৈ কেইটামান দাবী উত্থাপন কৰে :

বিদেশী ন্যায়াধিকৰণৰ সদস্য পদত অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ পৰ্য্যায়ৰ লোকক নিযুক্তি দিয়া,

পুনৰীক্ষণ কেৱল একপক্ষীয়ভাৱে কিমানজনক বিদেশী বুলি ঘোষণা কৰিলে তাতে সীমাবদ্ধ নাথাকি সামগ্ৰিকভাৱে সদস্যজনে মাহত কৰা সমগ্ৰ গোচৰৰ পুনৰীক্ষণ কৰা,

ঠিকাভিত্তিক নিয়োজিতসকলক অব্যাহতি প্ৰদান কৰি স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰা,

নিয়োগৰ সময়ত অসম ন্যায়িক সেৱাৰ দৰে লিখিত পৰীক্ষাৰ আয়োজন কৰি যোগ্যজনক স্বচ্ছভাৱে বাছনি কৰি নিয়োগ কৰা,

কোনো ন্যায়াধিকৰণৰ সদস্যই অন্যায়ভাৱে কোনো লোকক বিদেশী অথবা স্বদেশী ঘোষণা কৰিলে তেনে সদস্যক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা।

লগতে তেওঁ ‘বিদেশী ন্যায়াধিকৰণৰ প্ৰতি ক্ৰমাগতভাৱে ৰাইজৰ মাজত বৃদ্ধি হোৱা ভয়-শংকা তথা নঞাৰ্থক ধাৰণা আঁতৰ কৰাৰ ব্যৱস্থা কৰিবলৈও চৰকাৰক দাবী জনায়।