তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ই ভি এম, ভিভিপেট আৰু লাইফ জেকেট লৈ ৰাওনা নিৰ্বাচনী বিষয়া

Guwahati- EVMs & VVPATs distribution

ফটো উৎস : য়ু বি

মঙলবাৰে হ’ব লগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সুৰক্ষাকে ধৰি ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদানৰ বাবে যাৱতীয় ব্যৱস্থাসমূহ গঢ়ি তোলাৰ লগতে ভোটাৰসকলে যাতে সুকলমে ভোটদান কৰিব পাৰে তাৰ বাবেও কেন্দ্ৰসমূহত সকলোধৰণৰ আয়োজন সম্পূৰ্ণ কৰি তোলা হৈছে।

ৰাজ্যত কাইলৈ অনুষ্ঠিত হব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দুৰ্গম অঞ্চল সমূহলৈ ২১ এপ্ৰিল অৰ্থাৎ দেওবাৰৰ পৰাই ৰাওনা হৈছে বিভিন্ন পৰ্যায়ৰ বিষয়াসকল।

সেইদৰে ৬ নং বৰপেটা লোকসভা সমষ্টিৰ বৰপেটা নিৰ্বাচনী জিলাত ভোট গ্ৰহণৰ বাবে জিলাখনৰ বিভিন্ন আওহতীয়া অঞ্চলত নিয়োজিত পোলিং বিয়য়া, প্ৰিজাইডিং বিষয়াসহ অন্যান্য বিষয়াৰ লগতে আৰক্ষীৰ লোকসকল বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা দেওবাৰেই ৰাওনা হৈছে।

আনহাতে চৰ অঞ্চলত ভোট গ্ৰহণ ল’বলৈ যোৱা নিৰ্বাচনী বিষয়াসকলে ই ভি এম, ভিভিপেট আৰু লাইফ জেকেট লৈ ৰাওনা হোৱা বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ৬ নং বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৬,৭৬,৮৫৪জন। ইয়াৰে পুৰুষ ভোটাৰ হৈছে  ৮,৬৫,৩০০জন আৰু মহিলা ভোটাৰ আছে  ৮,১১,৫৩৮গৰাকী। তদুপৰি, সমষ্টিটোত ১৬ গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে।

সমষ্টিটোত মুঠ ২,১৮৮টা ভোটকেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।