বৰপেটাত ৪০৭৮ গৰাকী প্ৰাৰ্থী, ৮,৫৭,৩১১গৰাকী ভোটাৰ : ভোট গ্ৰহণ‌ৰ বাবে ৰাওনা বিষয়া-কৰ্মচাৰী

barpeta election

ভোটগ্ৰহণৰ বাবে ভোটকেন্দ্ৰলৈ যাবলৈ সাজু বিষয়া-কৰ্মচাৰী। ফটো : নৰ্থইষ্ট নাও

নামনি অসমৰ বিভিন্ন জিলাত কাইলৈ অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বৰপেটা নিৰ্বাচনী জিলাত প্ৰশাসনে শুকুৰবাৰৰে পৰা প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে ৷

নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা ভোট গ্ৰহণ কেন্দ্ৰৰ দায়িত্বত থকা প্ৰিছাইডিং,পুলিং বিষয়া সকলক ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ প্ৰেৰণ কৰিছে ৷

ভোট গ্ৰহণ কেন্দ্ৰৰ দায়িত্বত থকা প্ৰিছাইডিং, পুলিং বিষয়া সকলে ভোট গ্ৰহণ‌ৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ সংগ্ৰহ কৰি দুৰণিৰ ভোট গ্ৰহণ কেন্দ্ৰ‌লৈ ইতিমধ্যে ৰাওনা হৈছে ৷

উল্লেখ্য যে, বৰপেটা নিৰ্বাচনী জিলাত মুঠ ৬ টা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনত মুঠ প্ৰাৰ্থী ৪০৭৮ গৰাকী ৷ নিৰ্বাচনী জিলাখনত জিলা পৰিষদৰ ২৪ টা, আঞ্চলিক পঞ্চায়তত ১০২ টা পদৰ লগতে গাঁও পঞ্চায়তৰ সভাপতি আৰু সদস্য পদৰ বাবে ১২ টা ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয়সহ মুঠ ৪০৭৮ গৰাকীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে ৷

কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ অনুষ্ঠিত হ’বলগীয়া ভোটদানত মুঠ ৮,৫৭,৩১১ গৰাকী ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব ৷ ভোটদান শান্তিপূৰ্ণভাবে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসন আৰু আৰক্ষী বাহিনীয়ে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে।