NORTHEAST NOW (Assamese)

মূল্যবৃদ্ধি : প্ৰধান মন্ত্ৰী আৰু পে’ট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহেৰে বোকাখাতত ঐক্য সেনা অসমৰ প্ৰতিবাদ

September 26, 2018 6:35 pm · উত্তম শইকীয়া

পে’ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি বোকাখাতত ঐক্য সেনা অসমে এক প্ৰতিবাদ সাব্যস্ত কৰে।

ঐক্য সেনা অসমৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনটোৰ নেতা-কৰ্মী তথা সমৰ্থক সকলে প্ৰতিবাদস্থলীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পে’ট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰে।

বোকাখাত চাৰি আলিত ৰুপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীটোত ঐক্য সেনা অসমৰ সমৰ্থক সকলে ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনায় বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

পৰৱৰ্তী সময়ত বোকাখাতৰ আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক ৰাষ্ট্ৰীয় পথৰ পৰা আঁতৰাই পঠায়।

Related News