অসমৰ বানপিড়ীতৰ বাবে মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ অইল ইণ্ডিয়া লিমিটেডৰ ২.৫ কোটি টকাৰ বৰঙণি

1-8-750x375

বান আক্ৰান্ত অসমৰ জনসাধাৰণৰ সহায়ৰ অৰ্থে অইল ইণ্ডিয়া লিমিটেডে মঙলবাৰে অসমৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ২.৫ কোটি টকাৰ সাহায্য আগবঢ়ায়।

মঙলবাৰে জনতা ভৱনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰতিষ্ঠানটোৱে ২.৫ কোটি টকাৰ সাহায্য অৰ্পন কৰে।

কাৰ্যবাহী সঞ্চালক উৎপল বৰুৱাই অইল ইণ্ডিয়াৰ প্ৰতিনিধিৰ দলটোক নেতৃত্ব প্ৰদান কৰে।

আনহাতে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলেও মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ ৪,৭৫,০০০ টকাৰ বৰঙণি আগবঢ়ায়।

উত্তৰখণ্ডৰ চৰকাৰে চলিত বানপানীত অসমলৈ ৫ কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ উপৰিও হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰলাল খট্টৰে ৫ কোটি মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি হিচাপে আগবঢ়ায়।

তদুপৰি, অসমৰ বানপীড়িত জনসাধাৰণৰ সহায়ৰ বাবে হুণ্ডাই ইণ্ডিয়া মটৰ ইণ্ডিয়া লিমিটেডে ১ কোটি, বলীউদৰ অভিনেতা অক্ষয় কুমাৰে ২ কোটি টকা বৰঙণি হিচাপে আগবঢ়ায়।