NORTHEAST NOW (Assamese)

অসম বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন; কাইলৈ বন্ধ ৰাখিব অ’লা-উবেৰৰ কেব চলাচল

October 22, 2018 6:06 pm · এন ই নাও নিউজ
Updated: October 22, 2018 6:32 pm
প্রতিনিধিত্বমূলক ছবি

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ ৪৬টাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা ২৩ অক্টোবৰৰ ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ অসম কেব চালক সন্থাই।

যাৰ পৰিপ্ৰেক্ষিতত কাইলৈ ১২ ঘণ্টাৰ বাবে অ’লা আৰু উবেৰ কেব চলোৱাৰ পৰা বিৰত থাকিব গুৱাহাটীৰ কেব চালকসকল।

সন্থাৰ এগৰাকী সদস্যই আজি এই সম্পৰ্কত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, ‘আমি এই বন্ধৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো। বিধেয়কখনৰ বিৰুদ্ধে ৪৬টা সংগঠনৰ সৈতে আমি একেলগে যুঁজ দিম।‘

উল্লেখযোগ্য যে আজি এক সংবাদমেল যোগে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ২৩ অক্টোবৰৰ অসম বন্ধৰ সমৰ্থনত কামৰ পৰা বিৰত থাকিবলৈ সকলো শ্ৰেণীৰ লোককে আহ্বান জনায়। ইয়াৰ উপৰি তেওঁ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰক পাৰে যদি ৰাজ্যৰ প্ৰায় অৰ্ধশতাধিক জাতীয় সংগঠনে আহ্বান দিয়া অসম বন্ধক বাধা দিবলৈ প্ৰত্যাহ্বান জনায়।

Related News