হায়দৰাবাদত দৰ্পচূৰ্ণ ৰোহিত বাহিনীৰঃ হাৰ্টলীৰ স্পিন ঘূৰ্ণীয়ে ইংলেণ্ডক দিলে আকাংক্ষিত জয়

IND vs ENG

এক নিশ্চিত জয়ৰ দিশত গতি কৰিও যুঁজাৰু ইংলেণ্ডৰ সমুখত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ভাৰত। অভিষেককাৰী টম হাৰ্টলীৰ স্পিন ঘূৰ্ণীত ঘৰৰ মাটিতে মুখথেকেচা খাই পৰাজয় সহিবলৈ বাধ্য হ’ল ভাৰতীয় দল।

ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত আজি চতুৰ্থ দিনা পৰাজয় স্বীকাৰ কৰে ভাৰতে। ২৩১ ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি বেটাৰৰ চৰম ব্যৰ্থতাৰ বাবে ২০২ ৰাণতে ইনিংছ সামৰে ভাৰতে আৰু ২৮ ৰাণত পৰাস্ত হয়।

ভাৰতীয় ইনিংছত খহনীয়াৰ সৃষ্টি কৰা অভিষেককাৰী টম হাৰ্টলীয়ে ৭ টাকৈ উইকেট দখল কৰি ভ্ৰমণকাৰী দলটোলৈ এক অবিস্মৰণীয় বিজয় কঢ়িয়াই আনে। দলটোৰ এই জয়ত হাৰ্টলীৰ লগতে আন এক নায়ক হৈ পৰে অ’লী প’প।

উল্লেখ্য যে, টেষ্টখনৰ প্ৰথম ইনিংছত ইংলেণ্ডে ২৪৬ ৰাণত ইনিংছ সামৰাৰ পিছত ভাৰতে ৪৩৬ ৰাণ সংগ্ৰহ কৰি ১৯০ ৰাণৰ বিশাল অগ্ৰগতি লাভ কৰিছিল। এনে পৰিস্থিতিত ভাৰতৰ জয় প্ৰায় নিশ্চিত বুলিয়েই ধৰি লৈছিল সকলোৱে।

কিন্তু দ্বিতীয় ইনিংছত ইংলেণ্ডে যুঁজাৰু মানসিকতাৰ পৰিচয় দি প্ৰতিহত কৰে ভাৰতীয় বলিং আক্ৰমণক আৰু ৪২০ ৰাণৰ স্ক’ৰ থিয় কৰি ভাৰতৰ সমুখত ২৩১ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। দলৰ এই প্ৰত্যাৱৰ্তনৰ মূলতে আছিল প’পৰ মাৰাথান ইনিংছ।

কালি তৃতীয় দিনাৰ খেল সামৰণিলৈকে ১৪৮ ৰাণত অপৰাজিত থকা প’পে মাত্ৰ ৪ ৰাণৰ বাবে দ্বিশতকৰ পৰা বঞ্চিত হ’লেও ১৯৬ ৰাণৰ চমৎকাৰী ইনিংছটোৰে ইংলেণ্ডক মেচখনলৈ ঘূৰাই আনে। প’পৰ এই ইনিংছটোৱেই হৈ পৰে দলটোৰ জয়ৰ আধাৰ।

প’পৰ লগতে ডলটোৰ নিম্নক্ৰমৰ বেটাৰ ৰেহান আহমেদ আৰ হাৰ্টলীয়েও ক্ৰমে ২৮ আৰু ৩৪ ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। দলটোৱে ৪২০ ৰাণত দ্বিতীয় ইনিংছ সামৰে। ভাৰতৰ হৈ বুমৰাহে চাৰিটা আৰু অশ্বিনে তিনিটা উইকেট দখল কৰে।

ইফালে ২৩১ ৰাণৰ লক্ষ্য আগত লৈ ভাৰতীয় অপেনিং যুটী ৰোহিত-জয়ছোৱালে সাৱধানে ইনিংছ আৰম্ভ কৰে যদিও হাৰ্টলীয়ে একেটা অভাৰতে জয়ছোৱাল (১৫) আৰু গিলক (০) বিদায় দি ভাৰতক বেকফুটলৈ ঠেলি দিয়ে। ইয়াৰ পিছতে ভাৰতীয় ইনিংছত খহনীয়াৰ সৃষ্টি হয়।

দললৈ ৰোহিতে সৰ্বাধিক ৩৯ ৰাণৰ অৱদান আগবঢ়ায়। ১১৯ ৰাণতে ভাৰতে ৭টাকৈ উইকেট হেৰুৱাই নিশ্চিত পৰাজয়ৰ গৰাহত পৰে। অৱশ্যে তাৰ মাজতে অশ্বিন আৰু ভৰতে ৫৭ ৰাণৰ এক যুটী বান্ধি দ্লক উদ্ধাৰৰ চেষ্টা চলায় যদিও হাৰ্টলীয়ে ভৰতক (২৮) বিদায় দি সেই আশা ভংগ কৰে।

হাৰ্টলীয়ে নিজৰ পিছৰটো অভাৰতে অশ্বিনকো (২৮) বিদায় দি দলৰ জয় প্ৰায় নিশ্চিত কৰি তোলে। অন্তিম উইকেটত বুমৰাহ-চিৰাজে কিছু যুঁজ দিয়ে যদিও বাউণ্ডেৰী কোবোৱাৰ চেষ্টাত হাৰ্টলীৰ বলত বিট হয় চিৰাজ আৰু ইংলেণ্ড উইকেটৰক্ষক ফ’কছে কোনো ভুল নকৰি এক সহজ ষ্টাম্পিঙেৰে ভাৰতীয় ইনিংছৰ অন্ত পেলায়।

হাৰ্টলীৰ লগতে ৰুট আৰু লীচে ভাৰতীয় ইনিংছৰ আন দুটা উইকেট দখল কৰে। ১৯৬ ৰাণৰ মেচ নিৰ্ণায়ক ইনিংছটোৰ বাবে প’প মেচৰ শ্ৰেষ্ঠ বিবেচিত হয়। এই জয়েৰে ইংলেণ্ডে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰে। শৃংখলাৰ দ্বিতীয়খন মেচ অহা ২ ফেব্ৰুৱাৰীৰ পৰা বিশাখাপট্টনমত অনুষ্ঠিত হ’ব।