গুৱাহাটীৰ বৰ্ষাপাৰা এ চি এৰ ক্ৰিকেট ষ্টেডিয়ামত অহা মাহত অনুষ্ঠিত হ’ব দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ। ঘৰুৱা দল ভাৰতে ২১ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত মুখা মুখি হ’ব বৰ্ষাপাৰা ষ্টেডিয়ামত। মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) এই কথা জানিবলৈ দিয়ে।
ইংলেণ্ড ভ্ৰমণ আৰু এছিয়া কাপ সমাপ্ত হোৱাৰ পাছতে ভাৰতৰ সৈতে এটা পূৰ্ণাংগ শৃংখলা খেলিবলৈ ভাৰতত উপস্থিত হ’ব কেৰিবিয়ান দলটো। ভ্ৰমণকাৰী দলটোৱে ভাৰতৰ সৈতে দুখন টেষ্ট, পাঁচখন এদিনীয়া আৰু তিনিখন টি ২০ত প্ৰতিদ্বণ্ডিতা আগবঢ়াব। টেষ্ট মেচেৰে শৃংখলাটো আৰম্ভ হ’ব ৪ অক্টোবৰৰ পৰা।
মঙলবাৰে বি চি চি আইয়ে ঘোষণা কৰা সূচী অনুসৰি প্ৰথম টেষ্ট ৪ অক্টোবৰৰ পৰা ৰাজকোট আৰু দ্বিতীয়খন ১২ অক্টোবৰৰ পৰা হায়দৰাবাদ অনুষ্ঠিত হ’ব। আনহাতে এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া ২১ অক্টোবৰত গুৱাহাটীত, দ্বিতীয় এদিনীয়া ২৪ অক্টোবৰত ইন্দোৰত, তৃতীয় এদিনীয়া ২৭ অক্টোবৰত পুনেত, চতুৰ্থ এদিনীয়া ২৯ অক্টোবৰত মুম্বাইত আৰু পঞ্চম এদিনীয়া ১ নবেম্বৰত টিৰুৱানন্থপুৰমত অনুষ্ঠিত হ’ব।
ইফালে শৃংখলাটোৰ প্ৰথমখন টি ২০ ৪ নবেম্বৰত কলকাতাত, দ্বিতীয়খন ৬ নবেম্বৰত লক্ষ্ণৌত আৰু ১১ নবেম্বৰত চেন্নাইত অনুষ্ঠিত হ’ব তৃতীয়খন টি ২০ মেচ।
উল্লেখ্য যে ২১ অক্টোবৰত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় দিবা-নৈশ এদিনীয়া ক্ৰিকেট মেচ। অসমবাসীৰ বাবে বহু প্ৰতিক্ষিত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ মেচখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে গুৱাহাটীৰ ক্ৰিকেট প্ৰেমী।
যোৱা বছৰ ১১ অক্টোবৰত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত সফলতাৰে অনুষ্ঠিত হৈ যোৱা টি ২০ খেলখনৰ পিছত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত এইখন হ’ব দ্বিতীয়খন আন্তৰ্জাতিক ক্ৰিকেট খেল।