‘অহা ৫ ফেব্ৰুৱাৰীত সৰুসজাইত হ’ব ৰাজ্যৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি’ : শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

নিযুক্তি লাভ কৰা শিক্ষকসকলে ১২ বছৰলৈকে হ’ব নোৱাৰিব বদলি : হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma

অহা ৫ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ২৯,৭০১ জন শিক্ষক-শিক্ষিয়ত্ৰীৰ মাজত বিতৰণ কৰা হ’ব নিযুক্তি পত্ৰ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায়।

মন্ত্ৰীগৰাকীৰ মতে ‘এই নিযুক্তি হ’ব শিক্ষা বিভাগৰ সৰ্ববৃহৎ শিক্ষক নিযুক্তি। নিযুক্তি পোৱা শিক্ষকসকলে ১২ বছৰৰ বাবে বিদ্যালয় বদলি কৰিব নোৱাৰিব৷’

ইয়াৰোপৰি, এই শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত বিদ্যালয়ৰ প্ৰাদেশীকৰণ আৰু টেট পৰীক্ষাৰ মাধ্যমেৰে বাচনিকৃত শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলি তেওঁ জনায়।

ইপিনে, বুধবাৰ আৰু বৃহস্পতিবাৰে পুৱা ১২ বজাৰ ভিতৰত এই দুয়োটা প্ৰকাৰৰ শিক্ষকৰ তালিকা বিভাগীয় ৱেবছাইটত প্ৰকাশিত হ’ব বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় ‘সেই অনুসৰি অহা ৫ ফেব্ৰুৱাৰীৰ পুৱা শিক্ষকসকলক গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হোৱাৰ বাবে আহ্বান জনাইছো।‘

আনহাতে, উক্ত সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে জনাই কয় যে প্ৰাথমিক, মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত নতুনকৈ ১৩,২১৭ গৰাকী শিক্ষকক নিযুক্তি দিয়া হৈছে৷

‘ইয়াৰে ১৩২৭ গৰাকী বিজ্ঞান আৰু ২৮৬৩ গৰাকী কলা বিভাগৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক৷ আনহাতে প্ৰাদেশীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা মুঠ ১৫,৪৬৪ গৰাকী শিক্ষকৰ নিযুক্তি সম্ভব হ’ব।’

আনহাতে, প্ৰাদেশীকৰণৰ পিছতো যিসকল শিক্ষকে অতি কম দিনৰ বাবে চাকৰি কৰিবলৈ সুবিধা পাব, সেইসকল শিক্ষকক এন পি এছৰ যোগেদি অৱসৰৰ সময়ত দহ লাখ টকা পোৱাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জনায়।

ইপিনে, এইবাৰৰ প্ৰাদেশীকৰণ প্ৰক্ৰিয়াত ৰাজ্যৰ ১৬৯৮ খন প্ৰাথমিক বিদ্যালয়, ২৭০০ খন মধ্য ইংৰাজী বিদ্যালয়, ২৬৬ খন উচ্চ মাধ্যমিক বিদ্যালয়, ১৫২ খন কনিষ্ঠ মহাবিদ্যালয় আৰু ৩৩ খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰা হৈছে বুলি তেওঁ জনায়।