‘খিৰিকীখন খুলি দিয়ক, গুটখাৰ পিক পেলাব লাগে’! মাজ আকাশত বিমান পৰিচাৰিকাক অদ্ভুত আব্দাৰ যাত্ৰীৰ
যাত্ৰীসহ উৰা মাৰিছে ইণ্ডিগ’ৰ এখন বিমান। পিছে মাজ আকাশতে বিমানখনৰ ভিতৰত ঘটিল এক আজৱ ঘটনা। বিমানখনত থকা এগৰাকী যাত্ৰীয়ে বিমানখনৰ পৰিচাৰিকা এগৰাকীক ধৰিলে এক অদ্ভুত আব্দাৰ। এই আব্দাৰত হতভম্ব পৰিচাৰিকা গৰাকীৰ লগতে বিমানৰ অন্য যাত্ৰীও।
অনুৰোধ শুনি থতমত খালে বিমান পৰিচাৰিকাগৰাকী। মনতে হয়তো ভাবিলে, এনে অনুৰোধ কৰাটো সম্ভৱনে? পিছে যাত্ৰীগৰাকীয়ে এনে কি অনুৰোধ কৰিলে যে, সকলো হচকিত হৈ পৰিল। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ ঘটনাৰ দৃশ্য।
ভাইৰেল হোৱা এই ভিডিঅ’টোত এগৰাকী যাত্ৰীয়ে গুটখা চোবাই থকা দেখিবলৈ পোৱা গৈছে। যাত্ৰীগৰাকীয়ে কিছু সময় পিছতে বিমান পৰিচাৰিকা গৰাকীক ওচৰলৈ মাতি আনে। যাত্ৰীগৰাকীৰ কাষ চাপি আহি পৰিচাৰিকা গৰাকীয়ে জানিব বিচাৰে যে তেওঁ যাত্ৰীগৰাকীক কিদৰে সহায় কৰিব পাৰে।
তেতিয়াই যাত্ৰীগৰাকীয়ে কৰে এই আজৱ অনুৰোধ। তেওঁ বিমান পৰিচাৰিকা গৰাকীক বিমানৰ খিৰিকীখন খুলি দিবলৈ অনুৰোধ কৰে। খিৰিকী খোলাৰ আঁৰতো আছে আন এক আজৱ উদ্দশ্য। যুৱকগৰাকীয়ে খোলা খিৰিকীৰে পেলাব বিচাৰে মুখত থকা গুটখাৰ পিক!
যাত্ৰীগৰাকীৰ সেই কথা শুনি হাঁহি ধৰি ৰাখিব নোৱাৰিলে পৰিচাৰিকা গৰাকীয়ে। তেওঁৰ লগতে হাঁহি উঠিল আন যাত্ৰীসকলো। খোদ অনুৰোধ কৰা যুৱকগৰাকীৰো মুখত ওলাল হাঁহি।
সামাজিক মাধ্যমত গোবিন্দ শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো। তেওঁ ভিডিঅ’টোৰ লগতে নেটিজেনক গুটখা ভালপোৱা বন্ধুবৰ্গক টেগ কৰিবলৈ পৰামৰ্শ দিয়ে।
অৱশ্যে নেটিজেনে যাত্ৰীগৰাকীয়ে কেৱল ধেমালিৰ বাবেহে এই কথা কৈ ভিডিঅ’টো বনাইছে বুলি মন্তব্য কৰিছে। নেটিজেনৰ এটা অংশৰ মতে, সাম্প্ৰতিক সময়ত ৰিলৰ বাবে অদ্ভুত কিছুমান কাম কৰে। এই কামো তেনে উদ্দেশ্যৰে হয়তো এক অংশ!
সি যি কি নহওক, ভিডিঅ’টোৱে সম্প্ৰতি সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈ পৰিছে। ভিডিঅ’টো হাস্যৰসৰ সমল হৈ পৰিছে নেটিজেনৰ মাজত।