• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

আইচিচিৰ ২০২২ বৰ্ষৰ টি-২০ দলত তিনি ভাৰতীয়: কোহলী, যাদৱ আৰু পাণ্ডিয়াৰ স্থান লাভ আইচিচি একাদশত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2023 8:31 am
ICC Men's T20I Team Of 2022
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ আইচিচি- এ সোমবাৰে ঘোষণা কৰে ২০২২ বৰ্ষৰ পুৰুষৰ টি-২০ একাদশ। ভাৰতৰ তিনিগৰাকী খেলুৱৈ ক্ৰমে বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াই স্থান লাভ কৰিছে ঘোষিত এই দলটোত।

আইচিচি- এ ঘোষণা কৰা এই দলটোত ভাৰতীয় খেলুৱৈ তিনিগৰাকীৰ বিপৰীতে পাকিস্তান আৰু ইংলেণ্ডৰ দুগৰাকীকৈ খেলুৱৈয়ে স্থান লাভ কৰিছে। আনহাতে আয়াৰলেণ্ড, শ্ৰীলংকা, নিউজিলেণ্ড আৰু জিম্বাবৱেৰ এগৰাকীকৈ খেলুৱৈক দলত স্থান দিয়া হৈছে।

Apply Now

বিগত বৰ্ষটোত আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ভিত্তিত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে এই দলটো বাচনি কৰে। দলৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে বিগত বৰ্ষত টি-২০ বিশ্বকাপত ইংলেণ্ড দলক নেতৃত্ব দি খিতাপ অৰ্জন কৰা জ’ছ বাটলাৰক।

আনহাতে দলত উইকেটৰক্ষক হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে পাকিস্তানৰ মহম্মদ ৰিজৱানক। বাটলাৰৰ সৈতে ৰিজৱানক অপেনিং যুঁটি হিচাপে আইচিচি- এ বাচনি কৰিছে।

ঘোষিত দলটোত স্থান লাভ কৰা আন খেলুৱৈসকল হৈছে ক্ৰমে নিউজিলেণ্ডৰ গ্লেন ফিলিপছ, জিম্বাবৱেৰ চিকন্দৰ ৰাজা, ইংলেণ্ডৰ চেম কোৰাণ, শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা, পাকিস্তানৰ হেৰিছ ৰৌফ আৰু আয়াৰলেণ্ডৰ জছুৱা লিট’ল।

উল্লেখ্য যে প্ৰায় তিনিবছৰীয়া ব্যৰ্থতাৰ অৱসান ঘটাই বিগত বৰ্ষৰ এছিয়া কাপত নিজৰ স্বভাৱসিদ্ধ ফৰ্মলৈ ঘূৰি আহিছিল ভাৰতীয় তাৰকা কোহলী। এছিয়া কাপত আফগানিস্তানৰ বিপক্ষে দুৰন্ত শতকেৰে কেৰিয়াৰৰ প্ৰথমটো আন্ত:ৰাষ্ট্ৰীয় টি-২০ শতকৰ ৰূপত কোহলীয়ে অৱসান ঘটাইছিল তিনি বছৰীয়া শতকৰ খৰাং।

এছিয়া কাপৰ পাঁচখন খেলত ২৭৬ ৰান সংগ্ৰহ কৰি টুৰ্ণামেণ্টৰ দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল কোহলী। ইয়াৰ পাছতে টি-২০ বিশ্বকাপতো নিজৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ভাৰতক ছেমি ফাইনেল পৰ্যন্ত আগুৱাই নিয়াত কোহলীয়ে লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা।

আনহাতে ক্ৰিকেটৰ এই চমু সংস্কৰণটোত ভাৰতীয় দলৰ আটাইতকৈ নিৰ্ভৰযোগ্য বেটাৰ হিচাপে পৰিগণিত হোৱাৰ লগতে ক্ৰিকেট বিশ্বতো টি-২০ ক্ৰিকেটৰ আটাইতকৈ সফল বেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছিল সূৰ্যকুমাৰ যাদৱে।

বিস্ফোৰক বেটিঙেৰে বৰ্ষটোত দমনীয় প্ৰদৰ্শন দাঙি ধৰা ক্ৰিকেটৰ এই নৱ ‘মিষ্টাৰ ৩৬০’ যাদযাদটি-২০ ফৰ্মেটত এটা কেলেণ্ডাৰ বৰ্ষত সহস্ৰাধিক ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী বেটাৰ হিচাপে সফলতা অৰ্জন কৰিছিল।

টি-২০ ক্ৰিকেটত বৰ্ষটোৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে সমাপ্ত কৰা যাদৱে দুটা শতক আৰু ৯টা অৰ্ধ শতকেৰে মুঠ ১১৬৪ ৰান সংগ্ৰহ কৰিছিল। বলাৰক নিৰ্দয় প্ৰহাৰেৰে ৰান সংগ্ৰহ কৰা বিস্ফোৰক বেটাৰগৰাকীৰ বৰ্ষৰ ষ্ট্ৰাইক ৰেট আছিল ১৮৭.৪৩।

টি-২০ বিশ্বকাপতো ১৮৯.৬৮ ষ্ট্ৰাইক ৰেটেৰে ২৩৯ ৰান সংগ্ৰহ কৰা যাদৱে আইচিচি পুৰুষৰ টি-২০ প্লেয়াৰ ৰেংকিঙত শীৰ্ষ স্থানৰ বেটাৰ হিচাপে বৰ্ষটো সমাপ্ত কৰে।

আনহাতে আঘাতৰ পৰা মুক্ত হৈ পুনৰ জাতীয় দললৈ ঘূৰি অহাৰ পিছত তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই চমকপ্ৰদ প্ৰদৰ্শনেৰে ভাৰতীয় দলত এক নতুন শক্তি প্ৰদান কৰিছিল। নিৰ্ভৰযোগ্য তাৰকাগৰাকীয়ে বেট আৰু বল- দুয়োটা বিভাগতে আগবঢ়াইছিল গুৰুত্বপূৰ্ণ অৰিহণা।

ভাৰতীয় দলৰ হৈ তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে বৰ্ষটোত ৬০৭ ৰান সংগ্ৰহ কৰাৰ লগতে ২০টা উইকেটো লাভ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd