NORTHEAST NOW (Assamese)

বিহাৰত জংঘলৰাজ! চিকিৎসালয়ত সোমাই চিকিৎসাধীন কাৰাবন্দীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

July 17, 2025 3:01 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

বিহাৰৰ পাটনাৰ পৰাস চিকিৎসালয়ত সংঘটিত হৈছে ভয়ানক কাণ্ড। চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এজন কাৰাবন্দীক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে বিহাৰৰ ৰাজধানী পাটনাৰ ৰাজা বজাৰত অৱস্থিত পাৰস হাস্পতাল মহানগৰীৰ অন্যতম প্ৰধান চিকিৎসালয়।

খবৰ অনুসৰি বক্সাৰ জিলাৰ বাসিন্দা চন্দন মিশ্ৰৰ নামৰ এজন লোক পেৰল হাস্পাতালত চিকিৎসাধীন হৈ আছিল। কেশৰী নামৰ এজন লোক হত্যা কৰাৰ অভিযোগ আছিল চন্দন মিশ্ৰৰ বিৰুদ্ধে। চিকিৎসাধীন অৱস্থাতে চন্দন মিশ্ৰক গুলীয়াই হত্যা কৰা হয়।

ঘটনাস্থলীত উপস্থিত থকা পাটনাৰ এছ এছ পি কাৰ্তিকেয়া শৰ্মাই কয়, “মৰণোত্তৰ পৰীক্ষাত কিমান গুলী নিক্ষেপ কৰা হৈছে সেয়া স্পষ্ট হ’ব, কিন্তু কেইবাটাও গুলী নিক্ষেপ কৰা হৈছে। চন্দন মিশ্ৰৰ কোনোবা শত্ৰুৱে চিকিৎসালয়ত প্ৰৱেশ কৰি গুলীচালনা কৰে।”

পৰাস হাস্পতাললৈ পৰিয়ালৰ সদস্যৰ চিকিৎসাৰ বাবে অহা অমিত কুমাৰে কয়, “আমি চিকিৎসালয়ৰ বাহিৰত থিয় হৈ আছিলো। তাৰ পিছত আমি দেখিলোঁ যে কিছুমান মানুহ সোমাইছে। পিছত গুলী চলোৱা বুলি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। তাৰ পিছত বিশৃংখলতাৰ সৃষ্টি হয়। কিছু সময়ৰ পিছত আৰক্ষী আৰু সংবাদ মাধ্যমে তাত উপস্থিত হয়।”

এই সন্দৰ্ভত বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “অপৰাধীয়ে আই চি ইউত প্ৰৱেশ কৰি চিকিৎসালয়ত ভৰ্তি হোৱা এজন ৰোগীক গুলীয়াই গুলীয়াই হত্যা কৰিছে। বিহাৰৰ ক’তো কোনো লোক সুৰক্ষিত নহয়? ২০০৫ চনৰ আগতে এনেকুৱা নাছিল?”

বিহাৰৰ আইন-শৃংখলাৰ পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে বিৰোধীয়ে ৰাজ্য চৰকাৰক সমালোচনা কৰিছে। কিছুদিন পূৰ্বে পাটনাৰ বিশিষ্ট ব্যৱসায়ী গোপাল খেমকাক গান্ধী ময়দানৰ সমীপত অৱস্থিত ঘৰৰ পদূলিতে হত্যা কৰা হৈছিল। ইয়াৰ পিছতে পাটনা আৰক্ষীক লৈও প্ৰশ্ন উত্থাপন হয়।

Related News