বড়োলেণ্ড গঠনৰ নামত অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰক : অবড়ো সুৰক্ষা সমিতি

oboro suraksha samiti

বি টি চি চুক্তি পুনৰীক্ষণ কৰি বি টি এ ডিত অন্তৰ্ভুক্ত অবড়ো সংখ্যাগৰিষ্ঠ গাওঁসমূহ কৰ্তন কৰাকে ধৰি অন্যান্য কেতবোৰ দাবীত আজি অবড়ো সুৰক্ষা সমিতিয়ে দিচপুৰত প্ৰতিবাদ সাব্যস্ত কৰে।

বডোলেণ্ডত মাত্ৰ ২৩ শতাংশহে বড়ো জনগোষ্ঠীৰ লোক থাকে বুলি উল্লেখ কৰি সংগঠনটোৱে বড়োলেণ্ড গঠনৰ নামত অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে ২০০৩ চনত সম্পূৰ্ণ একপক্ষীয়ভাৱে অবড়ো জনগোষ্ঠীসমূহৰ কোনো মতামত গ্ৰহণ নকৰাকৈ ষষ্ঠ অনুসূচীৰ সংশোধন ঘটাই কোকৰাঝাৰ, দৰং, কামৰূপ, নলবাৰী, বৰপেটা, শোণিতপুৰ আৰু বঙাইগাঁৱৰ ৩০৮২ খন গাঁৱক সামৰি বি টি চি গঠন কৰা হৈছিল বুলি তেওঁলোকে অভিযোগ কৰে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই বি টি এ ডিত অন্তৰ্ভুক্ত কৰা গাওঁসমূহ সম্পূৰ্ণ অবড়ো প্ৰধান গাওঁ বুলি দাবী কৰি উক্ত এলেকাৰ পৰা অবড়ো গাওঁসমূহ কৰ্তনৰ বাবে ২০০৩-০৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজো কৰিছিল বুলি সদৰী কৰে।

সংগঠনটোৰ ফালৰ পৰা উত্থাপন কৰা আন আন দাবীসমূহ হৈছে- কোঁচ ৰাজবংশী, টাই আহোম, আদিবাসী, চুতীয়া, মৰাণ, মটক, কলিতাকে ধৰি সকলো খিলঞ্জীয়া জনগোষ্ঠীক জনজাতিকৰণ কৰা, বি টি এ ডি এলেকাৰ প্ৰতিটো সমষ্টি জনগাঁথনিৰ ভিত্তিত সংৰক্ষণৰ ব্যৱস্থা কৰা, এবছু, এন ডি এফ বিৰ লগত চলাই থকা আলোচনাত অবড়ো সমিতিৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা, বি টি এ ডিত অসমীয়া ভাষা সংস্কৃতি সুৰক্ষিত কৰা আৰু বি টি এডি এলেকাত হৈ থকা নিযুক্তিত প্ৰতিটো জনগোষ্ঠীৰ প্ৰাৰ্থীক সমঅধিকাৰ প্ৰদান কৰা।