বঙাইগাঁও অসামৰিক চিকিৎসালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

WMHD-logo-e1476717677647

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ আলোচনা কৰা হয়।

জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী , জিলা স্বাস্থ্য সমাজ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে যুটীয়াভাৱে এই দিৱসটোৰ আয়োজন কৰে।সভাখনৰ বিষয়বস্তু  আছিল পৰিৱৰ্তিত বিশ্বত যুৱসমাজ আৰু মানসিক স্বাস্থ্য ( Young People and Mental Health in a changing world’)

বিষয়টোৰ ওপৰত বক্তব্য ৰাখি চিকিৎসালয়খনৰ তত্বাৱধায়ক ড০ অলি চক্ৰবৰ্তীয়ে কৈছে, ‘‘আমাৰ দেশৰ পিতৃ-মাতৃক সন্তান পালনৰ ওপৰত কোনো শিক্ষা প্ৰদান কৰা নহয় বাবে শৈশৱ  আৰু কৈশোৰ কালত কেনেদৰে সন্তানৰ দৈহিক, মানসিক, সামাজিক আৰু বৌদ্ধিক বিকাশৰ বাবে উদগনি দিব লাগে সেই বিষয়ে পিতৃ-মাতৃয়ে নাজানে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বঙাইগাঁওৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ (DLSA) সম্পাদক বিপাক্ষী বৰঠাকুৰে মানসিক স্বাস্থ্যৰ যত্ন আইন-২০১৭ৰ বিষয়ে ব্যাখ্যা কৰে আৰু মানসিক ৰোগগ্ৰস্ত সকলৰ বাবে যাতে সমাজত বাস কৰাটো সহজ কৰা হয় তাৰ বাবে তেওঁ জনসাধাৰণলৈ আহ্বান জনায়।

সভাত অধ্যক্ষতা কৰা চিকিৎসালয়খনৰ চিকিৎসক ড০ পিকে ৰয়ে আলোচনাত মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ সম্বন্ধে হোৱা আলোচনাখিনি সৰ্বসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো উচিৎ বুলি কয়।

পিতৃ-মাতৃয়ে সন্তানক যথোপযুক্ত নীতি নিৰ্দেশনা দিব নোৱাৰা বাবে সমাজত অসহনীয়তা বাঢ়ি আহিছে বুলি ড০ ৰয়ে মন্তব্য কৰে।

জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদক বিপাক্ষী বৰঠাকুৰে চিকিৎসালয়খনৰ চৌহদত গছপুলি ৰোপণ কৰে আৰু ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে।

চিকিৎসালয়খনৰ প্ৰশাসক ড০ এম আই মোল্লা, কৰ্মচাৰী অজয় কলিতা আৰু বেচৰকাৰী সংস্থাসমূহৰ সদস্যসকলো সভাখনত উপস্থিত আছিল।