NORTHEAST NOW (Assamese)

ডাম্পাৰৰ  দৌৰাত্ম্য! গুৱাহাটীত ডাম্পাৰৰ খুন্দাত চূৰ্ণ হ’ল ডাষ্টাৰ

November 15, 2023 8:07 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 15, 2023 8:15 am

মঙলবাৰে নিশা গুৱাহাটী মহানগৰৰ ছয়মাইল অঞ্চলত সংঘটিত হয় এক ভয়ানক দুৰ্ঘটনা।

খবৰ অনুসৰি বিপৰীত দিশৰ পৰা আহি থকা এখন ডাম্পাৰে এখন সৰু চাৰিচকীয়া বাহনত খুন্দা মাৰে।

গুৱাহাটীৰ জিএনআৰচি হাস্পতালৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে।

প্ৰত্যক্ষদৰ্শীয়ে ডাম্পাৰখনৰ চালকজনক মদ্যপান কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইফালে স্থানীয় আৰক্ষীক এই দুৰ্ঘটনা সম্পৰ্কে অৱগত কৰা হয় যদিও সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাই বুলিও স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।

এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে। 

ডাম্পাৰে খুন্দিয়াই ক্ষতিগ্ৰস্ত কৰা ৰেন’ল্ট ডাষ্টাৰ বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 01 DL 8393 ।

Related News