মিৰ্জাত সাংবাদিক নিগ্ৰহৰ ঘটনাত জড়িত এজনক আটক আৰক্ষীৰ

Sangbadik-Prohar--750x375

মিৰ্জাত জুৱাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ বাবে সাংবাদিক মিলন মহন্তক বিদ্যুতৰ খুটাত বান্ধি প্ৰহাৰ কৰা ঘটনাৰ সৈতে জড়িত এজন অভিযুক্তক সোমবাৰে নিশা পলাশবাৰী আৰক্ষীয়ে আটক কৰিছে।

ঘটনা সংঘটিত হোৱাৰ পাছৰৰে পৰা ঘটনাৰ সৈতে জড়িত অন্যতম অভিযুক্ত দিগন্ত দাসে আত্মগোপন কৰিছিল।

আনহাতে, আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত দিগন্ত দাসক মনিয়াৰি তিনিআলিৰ লেঙাপাৰাৰ পৰা কৰায়ত্ত কৰে।

প্ৰতিদিন টাইমৰ বাতৰি অনুসৰি অভিযুক্ত দিগন্ত দাস বৰ্তমান আৰক্ষীৰ জিম্মাত আছে আৰু তদন্ত অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে যোৱা শনিবাৰে অসমীয়া প্ৰতিদিন কাকতৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সংবাদদাতা মিলন মহন্তক একাংশ জুৱাৰীয়ে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিছিল।

মিৰ্জা অঞ্চলত চলি থকা জুৱাৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে মিলনে দীৰ্ঘদিন ধৰি বাতৰি পৰিৱেশন কৰি আহিছিল।

সঞ্জয় ঠাকুৰীয়া নামৰ মাফিয়াগৰাকীয়ে লগত চাৰি-পাঁচগৰাকী লোকক লৈ তিনিআলি চ’কত বজাৰ কৰি থকা অৱস্থাত মিলনক প্ৰহাৰ কৰাৰ লগতে বিদ্যুতৰ খুঁটাত বান্ধি প্ৰহাৰ কৰিছিল।

তেওঁলোকে মিলনক জুৱাৰ বিৰুদ্ধে কিয় বাতৰি কৰিছ আৰু কিয় তেওঁক ভু-মাফিয়া বুলি লিখে তাৰ বাবে অশ্ৰাব্য গালি পাৰি প্ৰহাৰ কৰিছিল।

তদুপৰি, সঞ্জয় ঠাকুৰীয়াই সাংবাদিকজনক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে।

ইপিনে, এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে সাংবাদিকজনক উদ্ধাৰ কৰি মুক্ত কৰাৰ লগতে পলাশবাৰী আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষী উপস্থিত হোৱাত অভিযুক্ত লোককেইজনে পলায়ন কৰিছিল।

ভুক্তভোগী সাংবাদিকজনে অভিযুক্ত সঞ্জয় ঠাকুৰীয়া আৰু অন্যান্য আক্ৰমণকাৰীৰ বিৰুদ্ধে পলাশবাৰী থানাত এটা গোচৰ ৰুজু কৰিছিল।

আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখি সোমবাৰে নিশা এগৰাকী অভিযুক্ত দিগন্ত দাসক আটক কৰে।