বন্ধুৱেকৰ জীয়েকক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হ’ল এজন ৪৫ বছৰীয়া লোক

IMG_20190901_194215

ফটো : নৰ্থ-ইষ্ট নাও

বাক্সা জিলাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনৰ গান্ধীবাৰীত এগৰাকী ১৩ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি খগেন দাস নামৰ এজন ৪৫ বছৰীয়া লোক আৰক্ষীৰ জালত পৰিছে।

গ্ৰেপ্তাৰ হোৱা লোকজনৰ ঘৰ তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৰপথাৰ গাঁৱত বুলি জানিবলৈ দিয়ে। লোকজন গড়কাপ্তানী বিভাগৰ মাষ্টাৰৰোলৰ কৰ্মচাৰী।

ঘটনা সন্দৰ্ভত ধর্ষণকাৰী খগেনে প্ৰকাশ কৰা মতে গান্ধীবাৰীৰেই তেওঁৰ বন্ধু এজনৰ সৈতে বহু বছৰৰ পৰা ঘৰুৱা সম্পৰ্ক আছিল। সেয়ে যোৱা মাঘ মাহৰ এটা নিশা ওচৰৰে এখন গণেশ পূজা চাবলৈ খগেনে নাবালিকা গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে গৈছিল। মাজ নিশা নাম-কীৰ্তন শেষ নহওঁতেই খগেনে ফুচুলাই নাবালিকা গৰাকীক ঘৰলৈ লৈ আহে আৰু নিশাই ধৰ্ষণ কৰে।

ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীয়ে পৰিয়ালৰ লোকৰ আগত ভয়তে একো কথা প্ৰকাশ কৰা নাছিল যদিও শাৰীৰিক গঠনৰ পৰিৱৰ্তন ঘটাত পৰিয়ালৰ লোকৰ সন্দেহ হয় আৰু নাবালিকা গৰাকীক ভালকৈ সোধা-পোছা কৰাত প্ৰকৃত ৰহস্য ওলাই পৰে।

ঘটনাৰ সবিশেষ জানিব পাৰি দেওবাৰে নিশা নাবালিকা গৰকীৰ পৰিয়ালৰ লোকে গান্ধীবাৰী আৰক্ষী চকীত খগেনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে খগেনক নিশাই আটক কৰে।

আজি খগেনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত ৪১১/১৯ ,য়ু এছ-৩৭৬ ভাৰতীয় দণ্ডবিধিৰ আৰ/ডব্লিউ ৪ – অব পস্ক’ -১ নম্বৰত এটি গোচৰ ৰুজু কৰা হয়।

ইয়াৰ উপৰি ধৰ্ষণকাৰী খগেনক আজি ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্ত খগেনক জেইল হাজোতলৈ প্ৰেৰণ কৰে।