ডিমৌত নৈশবাছত মহিলা যাত্ৰীক অসৎ ব‍্যৱহাৰ কৰি জে’লত সোমাল এজন

Arrested Naruz Islam

দেশ স্বাধীন হোৱাৰ আজি ৭২ বছৰ পাৰ হ’ল, কিন্তু ইমান বছৰৰ পিছতো মহিলাই অকলশৰীয়াকৈ ঘুৰা-ফুৰা কৰিব পৰাকৈ যেন নিৰাপদ হৈ উঠা নাই আমাৰ ৰাজ্য।

উল্লেখযোগ্য যোৱা নিশা ডিমৌৰ সমীপত এখন নৈশবাছত অহা এগৰাকী মহিলাক বাছৰ ভিতৰতে এজন যাত্ৰীয়ে অসৎ ব্যৱহাৰ কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য মতে, শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা গুৱাহাটী অভিমুখী আহি থকা  নেটৱৰ্ক ট্ৰেভেলছৰ এ এছ ০১ জে চি ৫২৮৮ নম্বৰৰ বাছখনত প্ৰায় ১০.৩০ বজাত গোৱালপাৰাৰ নুৰুজ ইছলাম নামৰ এজন যাত্ৰীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণৰ পৰা ডিমৌৰ পথছোৱাত পিছৰ চিটৰ পৰা অভব্য ব্যৱহাৰ কৰে।

ফলত মহিলা গৰাকীয়ে বাছৰ ভিতৰতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আন যাত্ৰীসকলে লম্পট যুৱকজনক মাৰ ধাৰ কৰি ডিমৌ থানাত চমজাই দিয়ে।

ইয়াৰ পিছত মহিলাগৰাকীয়ে নুৰুজ ইছলামৰ বিৰুদ্ধে ডিমৌ থানাত এজাহাৰ দাখিল কৰে আৰু ডিমৌ আৰক্ষীয়ে তেওঁৰ এজাহাৰৰ ভিত্তিত ২৫১/১৮ (৩৫৪) ধাৰাত এক গোচৰ পঞ্জীয়ণ কৰি আজি অভিযুক্ত যুৱকজনক শিৱসাগৰ আদালতত হাজিৰ কৰায়। সম্প্ৰতি ধৃত নুৰুজ ইছলামক শিৱসাগৰ আদালতে জে’ললৈ প্ৰেৰণ কৰিছে।