অৰ্ধ শতাধিক হিতাধিকাৰীলৈ এখন কম্বল; তামুলপুৰত বিজেপিৰ ওপৰত খং উজাৰিলে দলীয় কৰ্মীয়ে

Tamulpur

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিত আজি কম্বল বিতৰণ কৰাক লৈ এক আজৱ ঘটনা সংঘটিত হয়। জানিব পৰা মতে নাগ্ৰীজুলি বিজেপিৰ মণ্ডল সমিতিয়ে ২৭ নং নাগ্ৰীজুলি বি টি চি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভাওৰাগুৰি গাঁৱত আজি কম্বল আৰু আঁঠুৱা বিতৰণ কৰাৰ বাবে ভাওৰাগুৰি বুথ সমিতিৰ সভাপতি ক্ষিতিশ দাসক নিৰ্দেশ দিয়ে।

মণ্ডল সমিতিৰ নিৰ্দেশ মৰ্মে ক্ষিতিশ দাসে ভাওৰাগুৰি গাঁৱৰ বিজেপি কৰ্মী তথা হিতাধিকাৰী সকলক নাগ্ৰীজুলি গৰু বজাৰলৈ মাতি পঠোৱাত দিনৰ ১২ বজাত অৰ্ধশতাধিক পুৰুষ-মহিলা আহি নাগ্ৰীজুলি গৰু বজাৰত উপস্থিত হয়।

স্থানীয় গাঁওবাসীয়ে আঁঠুৱা কম্বল নিবলৈ উপস্থিত হোৱাৰ পিছত নাগ্ৰীজুলি মণ্ডল সমিতিৰ পৰা এখন কম্বল, ১৫ খন আঁঠুৱা আৰু ৬টা স্প্ৰে মেচিন লৈ আনি বুথ সমিতিৰ সভাপতি গৰাকীক বিলাবলৈ দিয়া হয়।

কিন্তু ১৫ গৰাকী মহিলাই ১৫ খন আঁঠুৱা আৰু ৬ গৰাকী কৃষকে স্প্ৰে মেচিন ৬টা লৈ যোৱাত বাকী থকা ৪০ গৰাকী মহিলা হিতাধিকাৰীক দিবলৈ বিজেপিৰ কৰ্মীসকলৰ লগত মাত্ৰ এখন কম্বল বাকী থাকে।

দলটোৰ মণ্ডল সমিতিয়ে মাত্ৰ এখন কম্বল বিলাবলৈ দিয়া কাৰ্যত ক্ষুভিত হৈ পৰে নাগ্ৰীজুলি বুথ সমিতিৰ সভাপতি তথা বিজেপিৰ একনিষ্ঠ কৰ্মী ক্ষিতিশ দাস।

ক্ষুব্ধ দাসে এয়াই বিজেপিৰ পৰিৱৰ্তন বুলি কটাক্ষ কৰি নিজেই বিজেপিৰ কৰ্মী হিচাপে লাজ পাইছে বুলি উল্লেখ কৰি কম্বল নিবলৈ অহা প্ৰতি গৰাকী মহিলা বিজেপি কৰ্মী তথা হিতাধিকাৰীক এক মিনিটকৈ কম্বলখন নিজৰ দেহত উৰি লৈ সন্তুষ্টি ল’বলৈ কয়।

দাসৰ আহ্বানত হিতাধিকাৰী তথা মহিলা বিজেপি কৰ্মী সকলেও এক মিনিট সময় গাত কম্বলখন উৰি লৈ বিজেপিৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি শুদা হাতে ঘৰলৈ উভতি যায়।