তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ উলুপত ৰাজ্যৰ অন্যতম আধ্যাত্মিক পীঠস্থান শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰ আৰু এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্ততি চলোৱা হৈছে। এই উদ্দেশ্যে আজি স্থানীয় দ্বীপ শিখা সংঘৰ ক্ষেত্ৰভূমিত আৰু উলুপ বৈষ্ণৱী নামঘৰ প্ৰাংগনত পৱিত্ৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে।
উক্ত অঞ্চলটোত শাখা সত্ৰ আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ইতিমধ্যে স্থানীয় ৰাইজে প্ৰায় ৭০ বিঘা মাটি দান দিয়াৰ মানস কৰিছে বুলি সত্ৰাধিকাৰ দেৱগোস্বামীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শাখা সত্ৰ ও বিশ্ববিদ্যালয় স্থাপনে সমগ্ৰ অঞ্চলটোৰ লগতে অসমত এক নতুন আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰ স্থাপন হ’ব বুলি ৰাইজে আশা কৰিছে।
এইক্ষেত্ৰত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ ক’ল ইণ্ডিয়া মাৰ্ঘেৰিটাস্থিত কাৰ্যালয়ৰ লগতে অসম চৰকাৰে সহায় আগবঢ়াব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মাদক দ্ৰব্য আৰু নিচাজাতীয় দ্ৰব্যৰ প্ৰচলন অধিক হোৱাৰ বাবে গ্ৰাম্য এলেকাটোৰ লগতে সমীপৱৰ্তী এলেকাৰ যুৱ প্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিছে। সেয়ে অঞ্চলটোৰ সচেতন ৰাইজে শাখা সত্ৰ আৰু এখন আধ্যাত্মিক বিশ্ববিদ্যালয় স্থাপন কৰি যুৱ প্ৰজন্মক এক সুস্থ জীৱন দিবলৈ আগবাঢ়িছে।
আধাৰশিলা স্থাপন কাৰ্যসূচীৰ পাছতেই শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয়। ইনথেম জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক তৰুণ বৰগোঁহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাৰ উদেশ্য ব্যাখ্যা আৰু আঁত ধৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপে।
মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰসান্ত দত্ত, জ্যেষ্ঠ সাংবাদিক ভাৰত ভূষণ বৰঠাকুৰৰ লগতে কেইবাজনো গণ্য মান্য ব্যক্তিয়ে মুকলি সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই সভাতেই উলুপ গাঁওখনক এখন আদৰ্শ গাঁও ৰূপে গঢ়াৰ বাবেও ৰাইজে প্ৰস্তাব গ্ৰহণ কৰে।
ইফালে শাখা সত্ৰ ও বিশ্ববিদ্যালয় স্থাপনত অসমৰ ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছে অন্যতম উদ্যোক্তা জয়দ্বীপ গগৈয়ে। তেওঁ লগতে শাখা সত্ৰৰ আন্তঃগাঁথনি আৰু অন্যান্য কাম-কাজ অতি শীঘ্ৰে আৰম্ভ হ’ব বুলি সংবাদ মাধ্যমক জনায়।