আৰুণাচলত আছাম ৰাইফলছ আৰু NSCN(R)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী; নিহত এজন NSCN(R) কেডাৰ

Assam Rifles Operation

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত ৩০ নৱেম্বৰত পহৰাদাৰী আছাম ৰাইফলছ আৰু নিষিদ্ধ্ ঘোষিত উগ্ৰপন্থী সংগঠন এন এছ চি এন (আৰ)ৰ দুটা ফৈদৰ মাজত সংঘটিত হোৱা গুলীয়াগুলীত এগৰাকী এন এছ চি এন (আৰ)ৰ কেডাৰ নিহত হয়।

আছাম ৰাইফলছৰ গুলীত নিহত হোৱা উগ্ৰপন্থী সদস্য গৰাকী কেপ্তেইন আৰকাম চেং বুলি চিনাক্ত কৰা হয়।

নিহত এন এছ চি এন(আৰ)ৰ কেডাৰ গৰাকীৰ পৰা অভিযানকাৰী আছাম ৰাইফলছৰ দলটোৱে এটা এ কে চিৰিজৰ ৰাইফলৰ লগত সজীৱ গুলী উদ্ধাৰ কৰে।

জানিব পৰা মতে, অৰুণাচলৰ চাংলাৰ বনাঞ্চলত পহৰাদাৰী আছাম ৰাইফলছৰ এটা দলৰ ওপৰত এন এছ চি এন(আৰ)ৰ এটা দলে আক্ৰমণ চলায়।

উগ্ৰপন্থী সংগঠনৰ আক্ৰমণৰ প্ৰত্যুত্তৰত আছাম ৰাইফলছৰ জোৱান সকলে ওলোটাই গুলীবৰ্ষণ কৰে।

দুয়োপক্ষৰ মাজত প্ৰায় ৭ মিনিট ধৰি চলা প্ৰচণ্ড গুলীয়াগুলীত এন এছ চি এন(আৰ)ৰ আৰকাম চেং নামৰ সদস্য গৰাকীয়ে আছাম ৰাইফলছৰ গুলীত প্ৰাণ হেৰুৱায়।

আনহাতে, আছাম ৰাইফলছে সমগ্ৰ অঞ্চলটোত বাকী থকা উগ্ৰপন্থীৰ সন্ধানত বৰ্তমানো পহৰা অব্যাহত ৰাখিছে।