শনিবাৰে পুৱাই ইটোৰ পিছত সিটো ৰকেট আক্ৰমণত কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুল।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি পুৱাৰ ভাগত প্ৰথমে দুটা ৰকেট আহি কাবুলৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নিচেই কাষত আহি পৰে।
এই ঘটনাত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
কিছুসময় পিছতে আন দুটা ৰকেটে বিমান বন্দৰটোৰ কাষতে আঘাত কৰে।
দ্বিতীয় ৰকেট আক্ৰমণত বহু কেইজন লোক গুৰুতৰ ভাবে আহত হয়।
আহতসকলৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
বিগত এটা মাহৰ ভিতৰত কাবুলত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এয়া দ্বিতীয়টো ৰকেট আক্ৰমণৰ ঘটনা।সন্ত্ৰাসবাদীয়ে কাবুলৰ হামিদ কাৰজাই বিমান বন্দৰক লক্ষ্য কৰিয়েই আজিৰ ৰকেট আক্ৰমণৰ ঘটনাটো সংঘটিত কৰা বুলি ধাৰণা কৰা হৈছে।
কাবুলৰ খৈৰখানা আৰু লেব-এ-জাৰ নামৰ অঞ্চলৰ পৰা এই ৰকেট নিক্ষেপ কৰা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও এয়া তালিবানৰে কাম হব পাৰে বুলি চৰকাৰী সূত্ৰই সন্দেহ ব্যক্ত কৰিছে।