NORTHEAST NOW (Assamese)

হাফলঙত ক’ৰ’না সন্দেহত এগৰাকী ৰেইল কৰ্মচাৰী!; অনা হ’ব গুৱাহাটীলৈ

March 23, 2020 8:56 pm · পংকজ কুমাৰ দেব
ক'ৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত চিকিৎসালয়ত ভৰ্তি হোৱা উমেশ কুমাৰ। ফটো : নৰ্থ-ইষ্ট নাও

হাফলঙত এগৰাকী ৰেইল কৰ্মচাৰীক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উমেশ কুমাৰ নামৰ ৰেইল কৰ্মচাৰী গৰাকী যোৱা ৫ মাৰ্চত বিহাৰৰ পাটনাস্থিত ঘৰলৈ গৈছিল আৰু তাৰ পৰা ১৬ মাৰ্চত নিউ হাফলঙলৈ উভতি আহিছিল।

পাটনাৰ পৰা অহাৰ পাছত উমেশ জ্বৰত আক্ৰান্ত হয় আৰু আজি তেওঁ নিজে হাফলং অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসকক স্বাস্থ্য পৰীক্ষা কৰিবলৈ কয়।

হাফলং অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কল্পনা কেম্প্ৰাইয়ে কয়, ‘উমেশৰ স্বাস্থ্যৰ অৱনতি হৈছে। ২৭ বছৰীয়া উমেশৰ ট্ৰ্যাভেল ৰেকৰ্ডৰ পৰা গম পোৱা গৈছে যে তেওঁ ৰেইলত বিহাৰৰ পাটনাৰ পৰা নিউ হাফলঙলৈ ভ্ৰমণ কৰিছিল। যাৰ বাবে সন্দেহ কৰা হৈছে আৰু তেওঁক আছুতীয়াকৈ ৰখা হৈছে। উমেশৰ তেজৰ নমুনা সংগ্রহ কৰা হৈছে’।

জানিব পৰা মতে উমেশক গুৱাহাটীলৈ অনা হ’ব। এই খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে জিলাখনৰ সাধাৰণ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

ইফালে হাফলং অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কেম্প্ৰাইয়ে ৰাইজক সংযম বজাই ৰখাৰ লগতে সজাগ হ’বলৈ আহ্বান জনায়।

Related News