NORTHEAST NOW (Assamese)

মুম্বাইত ৰণবীৰ-শ্ৰদ্ধাৰ ছবিৰ শ্বুটিং ছেটত ভয়ংকৰ অগ্নিকাণ্ড; এজন যুৱকৰ মৃত্যু

July 30, 2022 10:34 am · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাইত লাভ ৰঞ্জনৰ পৰিচালনাত ৰণবীৰ কাপুৰ অভিনীত নতুন ছবিৰ শ্বুটিং ছেটত শুকুৰবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন ৩২ বছৰীয়া যুৱকৰ মৃত্যু হয়।

কুপাৰ হস্পিটেলে জানিবলৈ দিয়া মতে যুৱকজনক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছিল। তেওঁৰ শৰীৰৰ বেছিভাগ অংশ জুইত জ্বলি গৈছিল। মৃতক যুৱকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

এতিয়াও নাম স্থিৰ নোহোৱা লাভ ৰঞ্জনৰ চলচ্চিত্ৰখনৰ শ্বুটিং ছেটটো মুম্বাইৰ লিংক ৰোডৰ ওচৰৰ আন্ধেৰী ক্ৰীড়া কমপ্লেক্সৰ কাষৰ চিত্ৰকূটত স্থাপন কৰা হৈছিল। শুকুৰবাৰে আবেলি প্ৰায় ৪.৩০ বজাত তাতেই এই অগ্নিকাণ্ডৰ ঘটনা  সংঘটিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখন গাড়ী ঘটনাস্থলীত ততাতৈয়াকৈ আহি উপস্থিত হয়।

অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত নিশা প্ৰায় ১০.৩০ বজাত জুই নিয়ন্ত্ৰণলৈ অনা হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে নিশ্চিত কৰা মতে ছবিখনৰ ছেটতেই প্ৰথমে জুই লাগিছিল। এটা পেণ্ডেল ছেট নিৰ্মাণ কৰা হৈছিল য’ত বাঁহ আৰু অন্যান্য সামগ্ৰী থুপাই ৰখা হৈছিল। তাৰ পৰাই জুই সহজে বিয়পি পৰে। এই ঘটনাৰ বাবে ছবিখনৰ দৃশ্যগ্ৰহণ পিছুৱাই দিয়া হৈছে।

উল্লেখ্য যে ধৰ্মেন্দ্ৰৰ নাতি আৰু ছানী দেউলৰ পুত্ৰ ৰাজবীৰে লাভ ৰঞ্জনৰ চলচ্চিত্ৰৰ ছেটৰ ওচৰতে দৃশ্যগ্ৰহণ কৰি আছিল। ৰাজবীৰে ৰাজশ্ৰী প্ৰডাকচনৰ এখন চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছে। যেতিয়া জুই লাগিছিল তেতিয়া তেওঁ এটা শ্বট দিয়াত ব্যস্ত আছিল। কিন্তু তেওঁৰ কোনো ক্ষতি হোৱা নাই। অৱশ্যে ৰাজশ্ৰীৰ দৃশ্যগ্ৰহণো স্থগিত ৰখা হৈছে।

জানিব পৰা মতে, ছবিখনৰ কলাকুশলীসকলে কিছুদিন পূৰ্বে স্পেইনত শ্বুটিং সম্পূৰ্ণ কৰি মুম্বাইলৈ উভতি আহিছিল। দুৰ্ভাগ্যবশতঃ স্পেইনতো ৰণবীৰ-শ্ৰদ্ধাৰ  সময় ভালে যোৱা নাছিল। স্পেইনত দৃশ্যগ্ৰহণৰ সময়ত শ্ৰদ্ধা কাপুৰৰ ব্যক্তিগত মেকআপ শিল্পী শ্ৰদ্ধা নায়েক দুৰ্ঘটনাত পতিত হৈছিল। তেওঁ লিগামেণ্টত গুৰুতৰ আঘাত পাইছিল।

View this post on Instagram

A post shared by Viral Bhayani (@viralbhayani)

এই ছবিখনত প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ৰোমাঞ্চ দৰ্শকে উপভোগ কৰিব পাৰিব। ৰণবীৰ আৰু শ্ৰদ্ধাৰ উপৰিও ছবিখনত ডিম্পল কাপাডিয়া আৰু বনি কাপুৰেও অভিনয় কৰিব। জানিব পৰা মতে ছবিখন অহা বছৰৰ ৮ মাৰ্চত হোলীত মুক্তি পাব। কিন্তু এই দুৰ্ঘটনাই ছবিখনৰ মুক্তিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নেকি সেয়া এতিয়াও ক’ব পৰা হোৱা নাই।

Related News