NORTHEAST NOW (Assamese)

নগাঁৱৰ বঢ়মপুৰত টেম্পু চালকৰ মৃতদেহ উদ্ধাৰ

September 6, 2018 6:59 pm · মিণ্টু দাস

নগাঁও জিলাৰ বঢ়মপুৰ অঞ্চলৰ বঢ়মপুৰ হাইস্কুলৰ সমীপত থকা এটা দ’ খাৱৈত  এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত লোকজন বঢ়মপুৰ শান্তিবনৰ নৰেন হাজৰিকা বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, পেছাত এজন টেম্পু চালক নৰেন হাজৰিকা বুধবাৰে বিয়লি গা ধুবলৈ যাওঁ বুলি ওলাই যায় যদিও বহু পলম হোৱাত বিমোৰত পৰে পৰিয়ালৰ লোক। নিশা চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও তেওঁৰ কোনো সন্ধান নাপালে।

আনহাতে, পুৱা স্থানীয় লোকে হাইস্কুলৰ ওচৰৰ দ’ খাৱৈত এটা মৃতদেহ দেখি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো নৰেন হাজৰিকাৰ বুলি চিনাক্ত কৰে।

ইতিমধ্যে, আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related News