• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বগীবিল দলঙত সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন মেধাৱী ছাত্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2019 9:22 pm
dibrugarh university student died in a road accident at bogibeel bridge

প্ৰজ্ঞান পৰাশৰ। উৎস-ফেইচবুক

3.9k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ বগীবিল দলঙৰ ওপৰত সংঘটিত হোৱা এটা শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰজ্ঞানজ্যোতি পৰাশৰ (২৪) নামৰ মেধাৱী ছাত্ৰজনে। দেওবাৰে বন্ধুৰ সৈতে স্কুটীৰে গৈ থকা সময়ত দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰজ্ঞানজ্যোতি পৰাশৰ নামৰূপৰ জ্যোতি নগৰৰ বাসিন্দা ৰমনী শৰ্মাৰ একমাত্ৰ পু্ত্ৰ। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ চতুৰ্থ ষাণ্মাষিকৰ ছাত্ৰ আছিল। নামৰূপ ম’ডেল স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰজ্ঞানে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল।

ঘটনাৰ বিৱৰণি মতে, প্ৰজ্ঞানে দেওবাৰে আবেলি বন্ধুৰ সৈতে বগীবিল দলঙলৈ ফুৰিবলৈ ওলাই গৈছিল আৰু উভতি আহোতে দলঙৰ ওপৰত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত স্কুটিখনত থকা আনজন আৰোহী আহত হয় যদিও প্ৰজ্ঞানে পথৰ ওপৰত বাগৰি পৰাৰ ফলত মুৰত গুৰুতৰভাবে আঘাত পায়।

দুৰ্ঘটনাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত প্ৰজ্ঞানক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হয় যদিও প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত বাটতে তেওঁৰ মৃত্যু হয়।

মেধাৱী ছাত্ৰগৰাকীৰ এনেদৰে মৃত্যু হোৱা ঘটনাই সমগ্ৰ নামৰূপৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত শোকৰ বন্যা বোৱাইছে। চিত্ৰকলা আৰু ফটোগ্ৰাফীৰ ৰাপ থকা প্ৰজ্ঞানে বিভিন্ন সামজিক কাম-কাজৰ লগত জড়িত আছিল।

আনহাতে, মৰোণত্তৰ পৰীক্ষাৰ পাছত আজি আবেলি নামৰূপৰ নিজা বাসগৃহত ছাত্ৰজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি ভালেমান দল-সংগঠনে মেধাৱী ছাত্ৰগৰাকীৰ অকাল মৃত্যুত গভীৰ শোক ব্যক্ত কৰে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd