বাক্সাৰ নাগ্ৰীজুলিত কৰোণাত আক্রান্ত হৈ এজনৰ মৃত্যু

a myanmar

বাক্সা জিলাৰ নাগ্ৰীজুলিৰ বাল্টিপাৰ গাঁওত কৰোণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু।

মৃত লোকজন হৈছে ৭১ বছৰীয়া বাল্টিপাৰ গাঁও নিবাসী ছবিলাল খানাল।

ছবিলালে যোৱা ৮ এপ্ৰিল বৃহস্পতিবাৰে সন্ধিয়া শ্বাস প্ৰশ্বাস জনিত কষ্টত ভোগাত তেওঁক গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ নিয়া হৈছিল।

তাত তেওঁক পৰীক্ষা কৰাত তেওঁৰ দেহত কোভিড ১৯ ধৰা পৰিছিল আৰু সিদিনা নিশাই তেওঁক কালাপাহাৰস্থিত কোভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

শনিবাৰে তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকৰ দলে ঘোষণা কৰে।

ইপিনে ছবিলালৰ কোভিড ১৯ পজিটিভ হোৱাৰ পিছত তেওঁৰ পৰিয়ালৰ লোক সকলক কোভিড ১৯ পৰীক্ষা কৰোৱা হয় আৰু তেওঁৰ সংস্পৰ্শলৈ অহা শিশু সহ ৯ গৰাকী লোকৰ দেহৰ কোভিড ১৯ ধৰা পৰে।

এতিয়া তেওঁলোকক ঘৰত পৃথককৈ ৰখা হৈছে।

আজিও গণেশপুৰ আৰু বাল্টিপাৰ গাঁওত চাৰি গৰাকীকৈ লোকৰ দেহত কোভিড ধৰা পৰাত তীব্ৰ আতংকই বিৰাজ কৰিছে অঞ্চলটোত।

আজি স্বাস্থ্য বিভাগে গাঁও দুখনত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰে।