NORTHEAST NOW (Assamese)

চতিয়াত ভুলবশতঃ কীটনাশক দ্ৰব্য পান কৰি এজনৰ মৃত্যু

August 2, 2022 5:57 pm · কাজি জেইদুল ইছলাম,বিশ্বনাথ
Updated: August 2, 2022 8:17 pm

ভুলবশতঃ পানী বুলি কীটনাশক দ্ৰব্য পান কৰি চতিয়াৰ বুবুল হাজৰিকা(বুল) নামৰ এজন ৫৩ বছৰীয়া ব্যক্তি জনৰ মৃত্যু হয়। চতিয়াৰ উত্তৰাঞ্চলৰ সাপেখাতী গাঁৱৰ অবিবাহিত ব্যক্তি জনে একেগাঁৱৰে মণি ভূঞা নামৰ মহিলা এগৰাকীৰ ঘৰত হাজিৰা কাম কৰিবলৈ আহিছিল।

বুবুলক গৃহস্থই দুপৰীয়াৰ আহাৰৰ লগত গ্ৰহণ কৰিবৰ বাবে দুবটল খোৱাপানীও দি থৈ আহে। দুৰ্ভাগ্যৰ কথা এয়ে যে গৃহস্থই দিয়াএটা বটল পানীৰ পৰিবৰ্তে ফৰ্মেলিনৰ আছিল। তেওঁলোকৰ নিজা ব্ৰইলাৰ ফাৰ্মত প্ৰয়োগ কৰিবৰ বাবে ফৰ্মেলিন আনি থোৱা হৈছিল আৰু ইয়াকে পানী বুলি ভাবি গৃহস্থই বুবুলক খাবলৈ দিয়ে।

কাম সামৰি বুবুলে আহাৰ গ্ৰহণ কৰাৰ পিছত পানী বুলি ভাবি ফৰ্মেলিনৰ বটলটো খুলি এঢোক পান কৰিয়েই মাটিত বাগৰি পৰে আৰু ছটফটাই তেওঁ সংজ্ঞাহীন হৈ নলা এটাত পৰি যায়।

কিছু দূৰৈৰ পথাৰত কাম কৰি থকা দুজন যুৱকে ঘটনাটো লক্ষ্য কৰি বুবুলৰ ওচৰ চাপি আহি সাহায্য কৰে। বুবুলে বাৰে বাৰে আঙুলিৰে বটলটোৰ ফালে নিৰ্দেশ কৰাত এজন যুৱকে শুঙি চাই কীটনাশক বুলি নিশ্চিত হৈ অন্য দুই চাৰিজনৰ সহায় লৈ ওচৰৰ এঘৰলৈ লৈ আহে।

পৰিয়ালৰ লোকে প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰথমতে বিশ্বনাথ চাৰিআলি আৰু পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাতে বুবুলে শেষ নিশ্বাস ত্যাগ কৰে। ইতিমধ্যে বুবুলৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ অঞ্চলটোত বুবুলৰ মৃত্যুত শোকৰ ছাঁ পৰিছে ।

Related News